নুমলীগড়ৰ বৰপাকত বিলখননৰ তীব্ৰ বিৰোধিতা স্থানীয় ৰাইজৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ কেইবাখনো বিল তথা আৰ্দ্ৰভূমি খনন কৰি ইয়াৰ জলধাৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে বানপানী আৰু বানখহনীয়া হ্ৰাস কৰণৰ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদী স্থিতি গ্ৰহণ কৰিছে স্থানীয় ৰাইজে

author-image
Asomiya Pratidin
New Update
khanananna

ডিজিটেল সংবাদ, বোকাখাতঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ কেইবাখনো বিল তথা আৰ্দ্ৰভূমি খনন কৰি ইয়াৰ জলধাৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে বানপানী আৰু বানখহনীয়া হ্ৰাস কৰণৰ আঁচনিৰ বিৰুদ্ধে কেইবা ঠাইটো স্থানীয় লোকৰ বিৰোধ আৰম্ভ হোৱাৰ সমান্তৰালকৈ বোকাখাত সমজিলাতো ইয়াক লৈ প্ৰতিবাদী স্থিতি গ্ৰহণ কৰিছে স্থানীয় ৰাইজে। বিশেষকৈ সমজিলাখনৰ কুৰুৱাবাহীত বিল খননৰ প্ৰতি স্থানীয় ৰাইজে গ্ৰহণ কৰা প্ৰতিবাদী স্থিতিৰ পাছত নুমলীগড়ৰ সমীপৰ মহুৰা মৌজাৰ বৰপাকতো স্থানীয় ৰাইজে এই আঁচনিখনক হঠকাৰী আখ্যা দি বিৰোধিতা কৰিছে।

শেহতীয়াকৈ ২ নং বৰপাক বিলৰ দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজৰ উপস্থিতিত আৰু সমাজ সেৱক চন্দ্র শেখৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত বোকাখাত সম জিলাৰ বৰপাক এলেকাত থকা নতুন আৰু পুৰণি দুয়োখন বিল স্থানীয় দাঁতি কাষৰীয়া ৰাইজক অৱগত নকৰাকৈ খনন কৰা কাৰ্যত স্থানীয় ৰাইজে তীব্র অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখ্য যে, এই পুৰণি বিল দুখন খনন কাৰ্যৰ লগতে বিলৰ পাৰত জিঅ' বেগৰ এটি সুউচ্চ প্ৰকাণ্ড বান্ধ নিৰ্মাণৰ নামত বিল পাৰৰ ৰাইজৰ খেতি মাটি, বাৰীৰ লাগনি গছ, আম, কথাল, তামোল, কল, নাৰিকল, বৃহৎ বাহনি কাঠনি ঠিকাদাৰ গোষ্ঠীয়ে এফালৰ পৰা জেচিবি লগাই তহিলং কৰাৰ উপৰিও কোনো ধৰণৰ আগতীয়া জাননি নিদিয়াকৈ শৌচালয়, ঘৰ-দুৱাৰো ভাঙি এক বিভীষিকাময় পৰিবেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। 

স্থানীয় কৃষক ৰাইজক হাৰাশাস্তি কৰাৰ উপৰিও বিল পাৰৰ জৈৱবৈচিত্ৰ্য বিনষ্ট কৰি পশু-পক্ষী সকলোৰে প্ৰতি ভাবুকি কঢ়িয়াই আনিছে জলসম্পদ বিভাগে। বিশেষকৈ প্ৰকৃতিক পৰিবেশ বিনষ্ট কৰি জৈৱবৈচিত্ৰ্য ধ্বংস কৰি বিল দুখনলৈ অহা পৰিভ্ৰমী চৰাইৰ বিচৰণ স্থান সমূহতো ধ্বংস কাৰ্য চলাইছে সংশ্লিষ্ট বিভাগে। ইয়াৰ উপৰিও ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়া অব্যাহত এলেকাত ঠিকাদাৰ গোষ্ঠীয়ে মেচিন বহুৱাই বালি সংগ্রহ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

বানপানী আৰু গৰাখহনীয়া সম্পৰ্কে অভিজ্ঞ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি উক্ত আঁচনিখনে বিলৰ জল ধাৰণ ক্ষমতা বৃদ্ধি কৰিব বুলি কোৱা হৈছে যদিও পাৰত নিৰ্মাণ কৰিবলৈ লোৱা সুউচ্চ বান্ধে বাৰিষা ধনশিৰি নদীৰ বাঢ়নি পানী ভেটা দি ধোদাং বৰপাক, ৰৌদুৱাৰ, বাউৰিগাঁও, পাৰঘাট আদি গাঁওসমূহত প্ৰলয়ংকাৰী বাণৰ সৃষ্টি কৰিব।

বিশেষকৈ বাৰিষা ধনশিৰি নদীৰ বাঢ়নি পানী ধোদাং গাঁৱৰ মাজেৰে প্ৰচণ্ড সোতেৰে বৈ গৈ বৰপাক বিলৰে ব্ৰহ্মপুত্ৰ নদীৰ দিশলৈ বাঢ়নি গতি কৰে। আনহাতে, পশ্চিম ধোদাং এলেকাত ধনশিৰি নদীৰ পাৰত থকা এটি কৃষি বান্ধগত বাৰিষাত ধনশিৰি কোবাল বানে উটুৱাই নিয়ে আৰু সেই অঞ্চলেৰে নিমিষতে অহা ভয়ংকৰ বানে কৃষক ৰাইজৰ  ক্ষতিসাধন কৰে। সেই স্থানেৰে অহা বানপানীও বৰপাক বিলেৰে ব্ৰহ্মপুত্ৰ নদীলৈ পাৰ হৈ যায়।

গতিকে এই বিশাল পৰিমাণৰ বাৰিষাৰ পাৰভঙা বানপানী যেতিয়া বৰপাক বিলৰ পাৰ সমূহ সুউচ্চ কৰি বান্ধি দিয়া বান্ধে ভেটা দি ধৰিব ধোদাং গাঁৱকে মুখ্য কৰি কেৱল দাঁতিকাষৰীয়া গাওঁসমূহত বানৰ তাণ্ডৱ চলিব এনে নহয় উজনি নামনিৰ একমাত্র পথ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈও ভাবুকি কঢ়িয়াই অনাৰ সম্ভাবনা প্ৰকট হৈ পৰিব।

এনে পৰিপ্ৰেক্ষিতত ধনশিৰি নদীৰ বাৰিষাৰ বাঢ়নি পানীৰ কোনো ধৰণৰ ইতিহাস তথা নদীৰ চৰিত্ৰ অধ্যয়ন নকৰাকৈ কেৱল খৰালি আহি বিভাগীয় বিষয়াই ড্ৰোণ কেমেৰা উৰায়ে নিমীষতে তথাকথিত জৰীপ সামৰি যুগুতাই তোলা অদূৰদৰ্শী আঁচনিৰ বিষয়ে সভাত তীব্ৰ প্ৰতিবাদী স্থিতি গ্ৰহণ কৰি উৰ্দ্ধতম কৰ্তৃপক্ষলৈ বিল দুখনৰ পাৰত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা সুউচ্চ বান্ধ প্ৰত্যাহাৰ কৰি বাৰিষাৰ ধনশিৰিৰ পাৰ উপচি পৰা পানীৰ ভেটা সৃষ্টি নকৰি আগৰ ধৰণেৰে প্ৰাকৃতিকভাৱে পানী পাৰ হৈ যোৱা ব্যৱস্থা অব্যাহত ৰখা, পশ্চিম ধোদাং এলেকাৰ ৫০০ মিটাৰ ধনশিৰি নদীৰ ব্যাপক  খহনীয়াৰ জিঅ' বেগৰ বান্ধ নিৰ্মাণ কৰি বৰ্তমান চলিত খহনীয়া ৰোধ কৰি সেই স্থানেৰে বাৰিষা সোমাই অহা প্ৰলয়ংকাৰী বানপানী বন্ধ কৰাৰ বাবে ইতিমধ্যে জলসম্পদ বিভাগে প্ৰস্তুত কৰি আজি তাৰিখ লৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা খহনীয়া প্ৰতিৰোধৰ কামটো চলিত বাৰিষাৰ পূৰ্বে অতি শীঘ্রেই জলসম্পদ বিভাগে কাৰ্যকৰী কৰা, নুমলীগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলংৰ পৰা নদীখনৰ পাৰে পাৰে এটি কৃষি বান্ধ নিৰ্মাণ কৰা, বিল খনন কাৰ্যৰ নামত পাৰৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰি বনধ্বংস কাৰ্য বন্ধ কৰি প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত সেউজ প্ৰাধীকৰণ মন্ত্ৰালয়ৰ নিতীৰ বিপৰীতে জনস্বার্থ বিঘ্নিত কাৰ্যৰ পৰা বিৰত থকা, ধনশিৰি গৰাখহনীয়া প্ৰবন এলেকাত মেচিন লগাই বালি সংগ্রহ কৰা, বিল খনন কৰোতে পাৰত থকা খেতিয়কৰ মাটি অধিগ্রহণ কৰা বিনিময়ত আৰু বাৰী সমূহত থকা ফচলৰ উপযুক্ত ক্ষতিপূৰণ দিয়া দাবী প্ৰেৰণ কৰা হয়। লগতে উক্ত বিষয়সমূহ নিষ্পত্তি নোহোৱালৈকে খনন বন্ধ ৰখাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।

সভাত জ্যেষ্ঠ সংবাদসেৱী প্ৰদীপ কুমাৰ বৰা, সমাজসেবক বিপিন হাজৰিকা, মৃদুল শইকীয়া, প্ৰাক্তন বিধায়ক তথা বোকাখাত নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈ, জিলা পৰিষদৰ সদস্য নৰেন কুটুম, তৰুণ বৰুৱা, পঞ্চায়তৰ প্ৰতিনিধি সকল, গাঁও প্ৰধানকে মুখ্য কৰি বিশিষ্ট ব্যক্তি সকলে বক্তব্য আগবঢ়ায়।

নুমলীগড়