এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত খুমটাই সমষ্টিৰ ৰাইজঃ নাই বিশুদ্ধ খোৱাপানী ব্যৱস্থা, বিদ্যুৎ সংযোগ

গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙিৰ ৰজাআলি-জৰিতল গাঁৱৰ ৰাইজে ভীষণ সমস্যাৰ মাজত জীৱন-যাপন কৰিবলৈ বাধ্য হৈছে।

author-image
Asomiya Pratidin
New Update
fyuefguyedtwyertwy

ডিজিটেল সংবাদ, নুমলীগড়ঃ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙিৰ ৰজাআলি-জৰিতল গাঁৱৰ ৰাইজে ভীষণ সমস্যাৰ মাজত জীৱন-যাপন কৰিবলৈ বাধ্য হৈছে। বিজেপি-মিত্ৰজোঁট চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজালেও এই গাঁওখনত পৰা নাই উন্নয়নৰ প্ৰভাৱ। যাৰ পৰিপ্ৰেক্ষিতত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগিব লগা হৈছে গাঁওবাসীয়ে।

প্রায় ৫০টাকৈ পৰিয়ালে বসবাস কৰা গাঁওখনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। যি সময়ত চৰকাৰে জল জীৱন মিছনৰ যোগেদি প্রতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰা বুলি দাবী কৰে, ঠিক সেই সময়তে এই গাঁওখনত দেখা যায় ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি। জল জীৱন মিছনৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই গাঁওবাসীক। যাৰ ফলত গাঁৱৰ ৰাইজে নিজাববীয়াকৈ কুঁৱা খান্দি সেই কুঁৱাৰ পানীকে সেৱন কৰিব লগা হৈছে।

ইফালে, স্থানীয় এগৰাকী মহিলাই সদৰী কৰা অনুসৰি, খৰালী কালত কুঁৱাত পানী শুকাই ভীষণ সমস্যাৰ সৃষ্টি হয়। গাঁওখনত বিবাহ, সকাম আদিৰ দৰে অনুষ্ঠান থাকিলে পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়। আনহাতে, গাঁৱৰ প্ৰতিঘৰ মানুহৰে নাই বিজ্ঞানসন্মত শৌচাগাৰ। কোনো এটা পৰিয়ালকে ঢুকি পোৱা নাই চৰকাৰৰ অনাময় আঁচনিয়ে। যাৰ ফলত ৰাইজে নিজাববীয়াকৈ কেঁচা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ বাধ্য হৈছে। 

একেদৰে, গাঁওখনত বিদ্যুৎ সংযোগৰো নাই সুব্যৱস্থা। গাঁৱৰ ৰাইজে নিজাববীয়া গাঁঠিৰ ধন ভাঙি এটা ট্রেন্সফৰ্মাৰৰ ব্যৱস্থা কৰি খুঁটা পুতিলে ঠিকেই। কিন্তু, প্রায় ৫০০ মিটাৰ দূৰৈৰ পৰা নিজাববীয়া খৰচত অতি বিপজ্জনকভাৱে কেবুলেৰে নিজ নিজ গৃহলৈ বিদ্যুৎ টানি আনিব লগা হৈছে। গোলাঘাট বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ এলেকাটোৰ ৰাইজে বিদ্যুতৰো পোৱা নাই উপযুক্ত সুবিধা।

ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ সময়ত জনপ্রতিনিধিসকলে অঞ্চলটোলৈ আহি ভোট ভিক্ষা কৰে, কিন্তু নির্বাচনত জয়ী হোৱাৰ পিচতে ৰাইজৰ সকলো সমস্যাৰ কথা পাহৰি যায়। অনাগত সময়ছোৱাত অঞ্চলটোৰ ৰাইজৰ এই সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা জনপ্রতিনিধিসকলে কি ব্যৱস্থা গ্রহণ কৰে; সেয়া হ'ব লক্ষণীয়।

নুমলীগড়