নুমলীগড়ত ২৩ সংখ্যক ধনৱন্তৰী সেৱা যাত্রাৰ বিনামূলীয়া চিকিৎসা শিৱিৰ সম্পন্ন

আজি বিশ্ব কৰ্কট দিৱস উপলক্ষে আয়োজিত স্বাস্থ্য শিৱিৰত বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দ্বাৰা বিনামূলীয়া কেঞ্চাৰৰ প্ৰাথমিক পৰীক্ষাও কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সেৱা ভাৰতী পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় মেডিক'জ সংগঠন আৰু আয়ুৰ্বেদিক মেডিকেল সংগঠনৰ লগতে '২৩ সংখ্যক ধনৱন্তৰী সেৱা যাত্রা-২০২৬'-ৰ যৌথ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। নুমলীগড়ৰ ৰংবং মধ্য ইংৰাজী বিদ্যালয়ৰ দৃশ্য এয়া। এই শিৱিৰৰ ফিটা কাটি বিজেপিৰ যুৱ নেতা প্ৰিয়ংদ্বীপ কাকতিয়ে উদ্বোধন কৰে। 

আজি বিশ্ব কৰ্কট দিৱস উপলক্ষে আয়োজিত স্বাস্থ্য শিৱিৰত বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দ্বাৰা বিনামূলীয়া কেঞ্চাৰৰ প্ৰাথমিক পৰীক্ষাও কৰা হয়। ৰংবং অঞ্চলৰ বহু ৰোগীয়ে স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে। শিবিৰত অসমকে ধৰি ৰাজস্থান,ঝাৰখণ্ডৰ চিকিৎসকৰ দলে চিকিৎসা সেৱা আগবঢ়ায়।

নুমলীগড়