NSUI নতুন কমিটি গঠনকলৈ অসন্তুষ্টি একাংশৰ

মঙলদৈ মহাবিদ্যালয়ৰ সদ্য নিৰ্বাচিত  NSUI ৰ সাধাৰণ সম্পাদক নকিবুল ইছলাম, সভাপতি কবিৰুল ইছলাম, আলোচনী বিভাগৰ সম্পাদিকা জ্যোতিস্মিতা ডেকাসহ মুঠ ৫৭ গৰাকীয়ে জিলা NSUI ৰ পৰা সমূহীয়া পদত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,মঙলদৈঃ   NSUIৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপৰ কাৰ্যক বিৰোধিতা কৰি সমূহীয়া পদত্যাগ মঙলদৈ মহাবিদ্যালয় NSUI গোটৰ। মঙলদৈ মহাবিদ্যালয়ৰ সদ্য নিৰ্বাচিত  NSUI ৰ সাধাৰণ সম্পাদক নকিবুল ইছলাম, সভাপতি কবিৰুল ইছলাম, আলোচনী বিভাগৰ সম্পাদিকা জ্যোতিস্মিতা ডেকাসহ মুঠ ৫৭ গৰাকীয়ে জিলা NSUI ৰ পৰা সমূহীয়া পদত্যাগ কৰে।

WhatsApp Image 2025-11-26 at 6.10.28 PM

উল্লেখ্য যে এতিয়াৰে পৰা তেওঁলোকৰ NSUI ৰে নাথাকিব কোনো সম্পৰ্ক। এইবাৰ জিলা NSUI ত মন পছন্দৰ প্ৰাৰ্থী পিয়াৰ আহমেদক বিচাৰিছিল মঙলদৈ  মহাবিদ্যালয় গোটে। ইয়াৰ ৰাজ্যিক সভাপতি  বিপৰীতে ফাৰুক আব্দুল্লাক সভাপতি হিচাপে মনোনীত কৰাত অসন্তুষ্টি প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহাবিদ্যালয়ৰ গোটে।

WhatsApp Image 2025-11-26 at 6.09.52 PM

প্ৰাণিধানযোগ্য যে,কিছুদিন পূৰ্বে NSUI ৰ বেনাৰত মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত সভাপতি, সাধাৰণ সম্পাদক, আলোচনী সম্পাদক নিৰ্বাচিত হৈছিল যদিও পদত্যাগৰ পাছতে তেওঁলোকে নিৰ্দলীয় বুলি ঘোষণা কৰিছে নিজকে । 

image (30)

মঙলদৈ