Advertisment

কোভিডৰ হটস্পৰ্ট হৈ পৰিছে গুৱাহাটীৰ এখন বিদ্যালয়, কৰ্তৃপক্ষই গোপনে ৰাখিছে তথ্য…

কোভিডৰ হটস্পৰ্ট হৈ পৰিছে গুৱাহাটীৰ এখন বিদ্যালয়, কৰ্তৃপক্ষই গোপনে ৰাখিছে তথ্য…

author-image
asomiyapratidin
New Update
উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাঃ আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব প্রমোদ বড়ো…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ আভিজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কোৰোনাত সংক্ৰমণ হৈছে যদিও এই ঘটনা গোপনে ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। এন পি এছ ইন্টাৰনেচনেল স্কুলত এতিয়ালৈকে ১৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯। হোষ্টেলত থকা এই ছাত্ৰ-ছাত্ৰীসকলৰ দেহত কোভিড-১৯ সংক্ৰমণ হোৱাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গোপনে ৰখাৰ চেষ্টা কৰে।

Advertisment

বিদ্যালয়ৰ এগৰাকী ছাত্ৰক হস্পাতালত ভৰ্তি কৰিব লগীয়া হোৱাৰ পাছত স্বাস্থ্য বিভাগৰ লোকে কোভিড পৰীক্ষা কৰাত এতিয়ালৈকে ১৩গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-১৯ৰ সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহে। কিন্তু বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক এই ঘটনাৰ সন্দৰ্ভত মুখ নুখুলিবলৈ সকিয়নী প্ৰদান কৰে।

এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ আৰু অধিক ছাত্ৰ-ছাত্ৰী কোভিড-১৯ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে। এতিয়ালৈকে বিদ্যালয়খনত কোভিড প্ৰটকল অনুসৰি প্ৰশাসনে মাইক্ৰ কন্টেইনমেন্ট জ'ন ঘোষণা নকৰাত আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-অভিভাৱকসকলো আতংকিত হৈ পৰিছে।

উল্লেখ্য যে, গীতানগৰৰ এখন বিদ্যালয়তো অনুৰূপধৰণে ছাত্ৰ-ছাত্ৰীৰ কোভিড সংক্ৰমণৰ তথ্য কৰ্তৃপক্ষই গোপন কৰি ৰাখিছে। এন পি এছ ইন্টাৰনেচনেল স্কুলত প্ৰায় ১২০০ শিক্ষাৰ্থী আছে। ইয়াৰে ৪০০শিক্ষাৰ্থী থাকে হোষ্টেলত।