ডিজিটেল ডেস্কঃ নিৰ্বাচনত জনতাক দিয়া প্ৰতিশ্ৰুতি ৰাখিলে অৰবিন্দ কেজৰিৱালে। অচিৰেই দিল্লীৱাসীয়ে লাভ কৰিব বিনামূলীয়া ৱাই-ফাই। বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সংবাদমেলত তেঁও কয়- সমগ্ৰ দিল্লীত সংস্থাপন কৰা হব ১১ হাজাৰ টা হৰ্চপৰ্ট। ইয়াৰে ৪ হাজাৰটা সংস্থাপন কৰা হব দিল্লীৰ বাছ আস্থান সমূহত। আনহাতে বাকী ৭ হাজাৰটা হৰ্চপৰ্ট দিল্লীৰ সকলো বিধানসভাৰ ক্ষেত্ৰসমূহত স্থাপন কৰা হব।
সংবাদমেলত তেঁও লগতে কয়- প্ৰতি মাহে ১৫ জিবি ডাটা বিনামূলীয়াকৈ লাভ কৰিব দিল্লীৱাসীয়ে। ২০০ এম বি পি এছ স্পীডত চলিব এই ডাটা। কেজৰিৱালে লগতে কয়- এয়া প্ৰথমটো পৰ্যায়হে, ইয়াৰ পিছত এই প্ৰক্ৰিয়াক আৰু অধিক উন্নত কৰিবলৈ চেষ্টা কৰিম।
উল্লেখ্য যে, ২০১৫ চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত মহিলাৰ সুৰক্ষাৰ বাবে দিল্লীৰ ভিন্ন প্ৰান্তত চি চি কেমেৰাৰ লগতে বিনামূলীয়া ৱাই ফাই সেৱা প্ৰদানৰ কথা ঘোষণা কৰিছিল অৰবিন্জ কেজৰিৱালে। ইতিমধ্যে সমগ্ৰ দিল্লীত চিচি কেমেৰা স্থাপনৰ কামো আৰম্ভ হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত এই কামো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।