/asomiyapratidin/media/media_files/2025/11/14/ddddd-2025-11-14-11-59-07.jpg)
ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনৰ ফলাফলত পোহৰলৈ আহিছে অন্য এক তথ্য। NOTAত পৰা ভোটৰ সংখ্যাইও দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দুপৰীয়া ১২বজালৈকে ন'টাত প্ৰায় ২লক্ষাধিক ভোটগণনা হৈছে। মুঠ ভোটৰ প্ৰায় ১.৮৪ শতাংশ ভোট পৰিছে ন'টাত।
উল্লেখ কৰা প্ৰয়োজন যে, এই নটাত পৰা এই ভোট বহুকেইটা ৰাজনৈতিক দলতকৈ বেছি। ১২বজালৈকে নটাতকৈ কম ভোট লাভ কৰিছে বি এছ পি, চি পি আই, চি পি আই এমৰ দৰে দলে। আপ, এ আই এম আই এম দলতকৈ বেছি ভোট পৰিছে ন'টাত।
নটাত দুপৰীয়া ১২বজালৈকে পৰিছে ২, ২৬, ৬২৭টা ভোট। ইয়াৰ বিপৰীতে মায়াৱতীৰ বি এছ পিয়ে ১,৮০, ০০৭টা ভোট, চি পি আই এমে মাত্ৰ ৭২হাজাৰ ভোট লাভ কৰিছে। অনুমান কৰা হৈছে যে, ন'টাত পৰা ভোট সংখ্যা ভোট গণনাৰ শেষলৈ ২০লক্ষাধিকৰো অধিক হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us