/asomiyapratidin/media/media_files/2025/11/22/1-2025-11-22-11-06-53.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপহৰণ কাণ্ডৰ ঘটনা। ঘটণাৰ বিৱৰণি মতে, ১৫ নৱেম্বৰত জালাবিলাত মাজ নিশা গুণ্ডা বাহিনীৰ দলে চিনেমাৰ কায়দাৰে এজন লোকৰ ঘৰত প্ৰৱেশ কৰি এগৰাকী মহিলাক বলপূৰ্বক ভাবে অপহৰণৰ চেষ্টা চলাইছিল। গুণ্ডা বাহিনীৰ দলটোৱে ঘৰত থকা পৰিয়ালৰ সদস্যসকলক মাৰপিট কৰি মহিলা গৰাকীক অপহৰণ কৰিব লওঁতে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হয় । আনপিনে গুণ্ডা বাহিনীৰ দলটোক আটক কৰিব যাওঁতে গুণ্ডা বাহিনী দলটোৰ কেইজনমানে সেই স্থানৰ পৰা পলাই পত্ৰং হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/whatsapp-image-2025-11-22-11-08-15.jpeg)
উল্লেখ্য যে স্থানীয় ৰাইজে গুণ্ডা বাহিনীদলৰ দুজনক আটক কৰি উত্তম মাধ্যম সোধাই বগৰিবাৰী আৰক্ষীক গতাই দিয়ে । অতি তাৎপৰ্যপূৰ্ণ কথাটো এই যে ভুক্তভোগীয়ে বগৰিবাৰী থানাত এজাহাৰ দাখিল কৰাৰ পিছত বগৰিবাৰী আৰক্ষীয়ে আজিলৈকে অপহৰণকাৰী সকলোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীৰ পৰিয়াল আৰু স্থানীয় ৰাইজে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/image-6-2025-11-22-11-08-31.png)
তাৰোপৰি স্থানীয় ৰাইজে অতি সোনকালে দোষীক কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us