/asomiyapratidin/media/media_files/2025/08/21/141-2025-08-21-14-07-44.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অসমৰ এক ইঞ্চি ভূমিও মেঘালয়ক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে কাছাৰৰ বিজেপি নেতাই । অসম-মেঘালয় সীমান্তৰ কাটিগৰা সমষ্টিৰ অন্তৰ্গত ১২ টা বিবদমান এলেকাৰ ৬ টা এলেকা মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত লোৱাৰ পিচতে জাঙুৰ খাই উঠিছে কাছাৰৰ বিজেপি নেতা।
বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি বিজেপি নেতা সুব্ৰত পুৰকায়স্থই অসমৰ এক ইঞ্চি মাটিও মেঘালয়ক গতাই নিদিবলৈ আহ্বান জনাইছে। কাছাৰ জিলাৰ অসম - মেঘালয় সীমান্তৰ কাটিগৰা সমষ্টিৰ অন্তৰ্গত বাইকাম খাছিয়া গাঁওসহ ১২ টা স্থানত দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে দুয়োখন ৰাজ্যৰ কেইবা হাজাৰ লোকে।
এই অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা চলি আহিছে দুয়োখন ৰাজ্যৰ মাজত সীমা সমস্যা। প্রথম পর্যায়ত ৬ টা স্থানৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ লৈছে উভয় ৰাজ্যই। প্রথম পর্যায়ৰ এই ৬ টা স্থানৰ মাজত আছে কাছাৰৰ-মেঘালয় সীমান্তত থকা কাটিগড়া ৰাজস্ব চক্রৰ অন্তৰ্গত বাইকামপুঞ্জি ।
৩৭ টা খাছি পৰিয়াল দীর্ঘদিনৰ পৰা বসবাস কৰি আহিছে এই বাইকাম পুঞ্জিত। কেইদিন মান আগতে দুয়োখন ৰাজ্যৰ চৰকাৰী বিষয়াই উক্ত বিবাদমান এলেকাত গৈ যুটীয়াভাৱে জৰীপো চলাইছিল।
মাটিৰ সকলো নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে অঞ্চলটোৰ প্রতিটো পৰিয়ালৰ মুৰব্বীসকলৰ মতামতো গ্রহণ কৰিছিল জৰীপৰ দলটোৱে। ইফালে, জৰীপৰ পিচত অঞ্চলটোৰ ৩৭০ বিঘা ভূমি মেঘালয় চৰকাৰক হস্তান্তৰৰ বাবে অসম চৰকাৰ সাজু হৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে।
বাইকামপুঞ্জী মেঘালয়ৰ অন্তর্ভুক্ত হোৱাৰ খবৰ পোৱাৰ পিছতে জাঙুৰ খাই উঠিছে দল সংগঠনসমূহ। সৰৱ হৈছে অল অসম আদিবাসী ছাত্র সন্থা আৰু অল বৰাকভেলী কার্বি ছাত্র সন্থা নামৰ বৰাকৰ দুই ছাত্ৰ সংগঠন।
অসমৰ এক ইঞ্চি ভূমি মেঘালয়ক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি কেইদিন আগত হুংকাৰ প্ৰদান কৰিছিল সংগঠন দুটাই । ইয়াৰ পিচত এইবাৰ সৰল হৈছে কাছাৰ বিজেপি।
অঞ্চলটো পৰিদর্শন কৰি বিজেপিৰ ৰাজ্যিক পৰিষদৰ সদস্য তথা প্রাক্তন জিলা পৰিষদৰ সদস্য সুব্রত চক্রৱর্তীয়ে অঞ্চলটোৰ এক ইঞ্চি ভূমিও মেঘালয়ক এৰি নিদিয়াৰ হুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্রীকো আহ্বান জনাইছে। বিবাদমান এলেকাত কেৱল খাছী সম্প্রদায়ৰ লোকৰে বসবাস নহয়, তাত আছে চাহ জনগোষ্ঠীসহ আন বহু লোকৰ বসবাস।
আনকি অসমৰ শিল কোঁৱেৰীও আছে। ফলত অঞ্চলটো মেঘালয়ক এৰি নিদিয়াৰ দাবী জনাইছে বিজেপি নেতা সুব্ৰত পুৰকায়স্থাই।