পাহৰণিৰ গৰ্ভত পোষ্টবক্স

আধুনিক প্রযুক্তিবিদ্যাৰ নতুন আৱিষ্কাৰে নোহোৱা কৰি পেলাইছে সেই ৰঙা ৰঙৰ পোষ্টবক্স। এতিয়া কেৱল মাত্ৰ হৈ পৰিল স্মৃতি।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-06 at 7.35.14 PM

ডিজিটেল ডেস্কঃ সময়ৰ ধামখুমিয়াত সকলোবোৰ সলনি হৈছে। সকলো যেন এতিয়া ডিজিটেল হৈ পৰিল। তাহানিৰ সেই ডাকঘৰলৈ গৈ শাৰী পাতি পোষ্টবক্সত পোষ্ট কৰা সকলোবোৰ সময়ৰ সোঁতৰ লগত যেন সলনি হ'ল। সেইবোৰৰ স্থানত আহি পৰিল হোৱাটচআপ, টুইটাৰ, মেছেনজাৰ। 

post boxes of India Post ...

তাহানিৰ সেই ডাকোৱালজনো যেন এতিয়া অচিনাকী হৈ পৰিলসকলোৰে বাবে । বৰ্তমানৰ সময়ত সকলো যেন উন্নত হোৱাৰ লগতে ইণ্টাৰনেটৰ গুৰুত্ব বাঢ়িল। ঘৰৰ পৰা দূৰত থকা আপোনজনৰ পৰা চিঠি এখন আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ মাদকতাও যেন নোহোৱা হৈ পৰিল।কেৱল মাত্ৰ হৈ পৰিল স্মৃতি। আধুনিক প্রযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰে ক্ৰমান্বয়ে নোহোৱা কৰি পেলাইছে সেই ৰঙা ৰঙৰ পোষ্টবক্স। 

Indian Letter Box Stock Photos - Free ...

অৱশ্যে এতিয়া সময়সলনি হ'ল। ইণ্টাৰনেটৰ ব্যৱস্থা ব্যয়বহুল হোৱা হেতুকে এছএমএছৰ ব্যৱহাৰেই বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত অধিক পছন্দ। ছেকেণ্ডতে বাৰ্তা প্ৰেৰণ কৰিব পাৰি সকলোলৈকে। কিন্তু সেই দিন এতিয়া পাহৰণিৰ গৰ্ভত। সম্প্রতি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্ৰভাৱ চিনাকি ডাকোৱাল, পোষ্টবক্স, পোষ্ট কার্ড আদি সৰ্বসাধাৰণৰ মাজত অচিনাকি হৈ থাকি ম’বাইল ফোন,ইণ্টাৰনেট আদি মাধ্যমসমূহ আধুনিক সমাজ ব্যৱস্থাত সকলোৰে মাজত জনপ্রিয় যদিও পূৰ্বৰ দৰে ইয়াত নোহোৱা হৈছে আন্তৰিকতা কিম্বা আৱেগ।

পোষ্টবক্স