/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁৱৰ পথাৰে পথাৰে নৰৱেৰ বিশেষজ্ঞ। ৰাজ্যৰ কৃষিৰ উন্নয়ন, কৃষকৰ আয় দুগুণ, প্ৰতিকূল জলবায়ুৰ লগত মোকাবিলা কৰিব পৰাকৈ কৃষি পদ্ধতি আদি বিভিন্ন বিষয়ৰ পৰ্যবেক্ষণ, পথাৰ পৰিদৰ্শন, কৃষকৰ লগত মত বিনিময় আদি কাৰ্য্যসূচীৰে দেওবাৰে নগাঁৱৰ শেনচোৱা গাঁৱৰ পথাৰত উপস্থিত হয় নৰৱেৰ বিশেষজ্ঞ।
একেদৰে ৰয়েল নৰৱেজিয়ান এম্বেচি, কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাৰ সঞ্চালক আৰু বিজ্ঞানীসকলে পথাৰ পৰিদৰ্শন কৰে। অসম কৃষি বিশ্ববিদ্যালয় আৰু নৰৱে চৰকাৰৰ যুটীয়া উদ্যোগত আৰম্ভ হোৱা আপস্কেল(upscale) শীৰ্ষক কাৰ্যসূচীৰ অধীনত দেওবাৰে এই পৰ্যবেক্ষণ, পথাৰ পৰিদৰ্শন, কৃষকৰ লগত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
কাৰ্যসূচীত চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট Norwegian Institute of Bioeconomy Research (NIBIO) ৰ সঞ্চালক ড০ উদয় শেখৰ নাগোথু, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাৰ সঞ্চালক (কৃষি) ড০ সঞ্জয় কুমাৰ চেটিয়া, নিবিঅ'ৰ গৱেষণা হানে চৰলেইন(Hanne Sorlien of NIBIO), নৰৱেজিয়ান এম্বেচি গৌৰী ৱন্দেকাৰ(Gauri Bandekar of Norwegian Embassy) কৃষি বিভাগৰ যুটীয়া সঞ্চালক ভৱানী কুমাৰ নাথ, এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী আৰু প্ৰকল্প সমন্বয়ক ড০ আৰ ৰাজকুমাৰ, মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাকে আদি কৰি কেইবাগৰাকী বিশেষজ্ঞ, বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us