Advertisment

বিশেষ পৰিকল্পনা লৈ যোৰহাটত নৰৱেৰ কাউন্সিলৰ আৰু নিবিঅৰ বিশেষজ্ঞৰ দল

কৃষি আৰু কৃষকৰ উন্নতি সাধন কৰাৰ বাবে বিশেষ প্ৰকল্পৰ অধীনত নৰৱেজিয়ান ইনষ্টিটিউট অফ বায়ইকনমি ৰিচাৰ্ছৰ বিশেষজ্ঞৰ এটা দলে যোৰহাট জিলাৰ নিৰ্বাচিত কৃষি এলেকা পৰিদৰ্শন কৰিছে।

author-image
Asomiya Pratidin
New Update
jghj

ডিজিটেল সংবাদ,যোৰহাট: জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত ধান আৰু অন্যান্য শস্যৰ কৃষি প্ৰযুক্তিৰ উন্নীতকৰণৰ জৰিয়তে কৃষি আৰু কৃষকৰ উন্নতি সাধন কৰাৰ বাবে বিশেষ প্ৰকল্পৰ অধীনত নৰৱেজিয়ান ইনষ্টিটিউট অফ বায়ইকনমি ৰিচাৰ্ছৰ বিশেষজ্ঞৰ এটা দলে যোৰহাট জিলাৰ নিৰ্বাচিত কৃষি এলেকা পৰিদৰ্শন কৰিছে।

Advertisment

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড. সঞ্জয় কুমাৰ চেতিয়াৰ বিশেষ উদ্যোগত গ্ৰহণ কৰা এই প্ৰকল্পৰ জৰিয়তে ধান আৰু ৰবি শস্যৰ উৎপাদন বৃদ্ধি তথা বীজ উৎপাদনৰ দিশত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

নৰৱেৰ কাউন্সিলৰ ইনি ছফি ক্ৰিষ্টিয়ান,নিবিঅৰ ডাইৰেক্টৰ উদয় শেখৰ নাগাঠু, ডাইৰেক্টৰ থমাছ হাৰ্টনিক আৰু এম এছ স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ আৰ ৰাজকুমাৰক লৈ গঠিত বিশেষজ্ঞৰ দলটোৱে দুদিনীয়া কাৰ্যসূচীৰে তিতাবৰৰ দেওঘৰীয়া,বৰহোলাৰ লগতে উত্তৰ পশ্চিম যোৰহাটৰ নহটীয়া,ভোজখাটি আৰু ঔৱনা মুখ অঞ্চলত প্ৰকল্পস্থলী পৰিদৰ্শন কৰে।

গৱেষণা সঞ্চালক ড. সঞ্জয় কুমাৰ চেতিয়াৰ নেতৃত্বত কালি বৰহোলাৰ ঠেঙাল গাঁৱত তামোল আৰু আপেল বগৰীৰ খেতিৰ পৰিদৰ্শন কৰাৰ লগতে প্লেন্ট হেলথ্ ক্লিনিক আৰু কাঠফুলাৰ গোট পৰিদৰ্শনৰ লগতে অসম ধান গৱেষণা প্ৰতিষ্ঠানত সমন্বিত পাম পদ্ধতি গোট পৰিদৰ্শন কৰে।

আজি উত্তৰ পশ্চিম যোৰহাটৰ ঔৱনা মুখ অঞ্চলত ৰবি শস্যৰ কৃষি পাম পৰিদৰ্শন কৰাৰ লগতে নহটীয়া, ভোজখাটি অঞ্চলত বৃহৎ ৰবি শস্যৰ খেতি পৰিদৰ্শন কৰি কৃষকৰ সৈতে মত বিনিময় কৰে। দলটোৱে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰত কৃষকৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শন কালত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক সঞ্জয় কুমাৰ চেতিয়া, বিজ্ঞানী ড. মিলন জ্যোতি কোঁৱৰ, ড. পৰিন্দা বৰুৱা,ড. পম্পী দত্ত উপস্থিত থাকে।

যোৰহাট