ঐতিহাসিক ডুৰাণ্ড কাপ -২০২৫ৰ খিতাপ দখল নৰ্থ- ইষ্ট ইউনাইটেড এফ চিৰ

শনিবাৰে কলকাতাৰ ছল্ট লেকত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত ডাইমণ্ড হাৰ্বাৰ এফ চিক হৰুৱাই চেম্পিয়ন হয় নৰ্থ- ইষ্ট ইউনাইটেড এফ চি। দলটোৱে প্ৰতিপক্ষ হাৰ্বাৰক ৬-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

author-image
Asomiya Pratidin
New Update
159

ডিজিটেল ডেস্ক : ব্যৰ্থতা, অভিসাপ আঁতৰাই বিজয় মুকুট শিৰত তুলি সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিলে নৰ্থ- ইষ্ট ইউনাইটেড এফ চিয়ে। এই সাফল্য এলা-পেছা প্ৰতিযোগিতাত নহয়, এছিয়াৰ ভিতৰতে ঐতিহাসিক আৰু সন্মানীয় ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ ২০২৫ৰ খিতাপ দখল কৰি সাফল্য বুটলিবলৈ সক্ষম হৈছে উত্তৰ- পূবৰ দলটো।

Advertisment

শনিবাৰে কলকাতাৰ ছল্ট লেকত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত ডাইমণ্ড হাৰ্বাৰ এফ চিক হৰুৱাই চেম্পিয়ন হয় নৰ্থ- ইষ্ট ইউনাইটেড এফ চি। দলটোৱে প্ৰতিপক্ষ হাৰ্বাৰক ৬-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত অনুষ্টুপীয়া বঁটা বিতৰণী পৰ্বত ‘গ’ল্ডেন গ্লৱ’ লাভ কৰে গুৰমীট সিঙে। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা আগেয়ে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্রথমখন ছেমিফাইনেলত শ্বিলং লাজং এফ চিক ১-০ গ’লত পৰাস্ত কৰিছিল।  

একেদৰে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক ২-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। অৱশ্যে আজি সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰি নৰ্থ- ইষ্টৰ হাতত শোচনীয় পৰাজয়বৰণ কৰে হাৰ্বাৰে।

আনহাতে উত্তৰ- পূবৰ দলটোৰ এই সাফল্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে। তেওঁ সামাজিক মাধ্যমত এইদৰে উল্লেখ কৰে-

"এছিয়াৰ পুৰণি ফুটবল টুৰ্নামেণ্ট ডুৰাণ্ড কাপত একেৰাহে দ্বিতীয়বাৰৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে বিজয়ীৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিলে ৷ ডায়মণ্ড হাৰ্বাৰ এফ চিক ৬-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰা দলটিৰ প্ৰতিগৰাকীলৈ অভিনন্দন জনাইছোঁ ৷  অসমে আগন্তুক দিনতো এনে ক্ৰীড়া আয়োজনেৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আগুৱাই যাবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ ৷ "

durand cup NorthEast United FC