কি হ'ব নেডাৰ ভৱিষ্যৎ ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে আহি পৰিছে এক ডাঙৰ প্ৰত্যাহ্বান। বিগত বৰ্ষ কেইটাত নেডাৰ আহ্বায়ক হিচাপে হিমন্ত বিশ্ব শৰ্মা চূড়ান্তভাৱে ব্যৰ্থ হোৱাত নতুন ৰাজনৈতিক মঞ্চ গঠনৰ পোষকতা কৰিছে উত্তৰ-পূবৰ নেতাসকলে।

author-image
Asomiya Pratidin
New Update
new ap web 3 (10)

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে আহি পৰিছে এক ডাঙৰ প্ৰত্যাহ্বান। বিগত বৰ্ষ কেইটাত নেডাৰ আহ্বায়ক হিচাপে হিমন্ত বিশ্ব শৰ্মা চূড়ান্তভাৱে ব্যৰ্থ হোৱাত নতুন ৰাজনৈতিক মঞ্চ গঠনৰ পোষকতা কৰিছে উত্তৰ-পূবৰ নেতাসকলে।

মঙলবাৰে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাৱত ৱান নৰ্থ ইষ্ট শীৰ্ষক সংবাদমেল সম্বোধন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। এই সংবাদমেলত উপস্থিত থাকে ত্ৰিপুৰাৰ প্ৰদ্যুত বিক্ৰম মাণিক্য, বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ এম কিকনৰ লগতে কেইবাগৰাকীও ৰাজনৈতিক নেতা। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কনৰাড চাংমাই। 

সংবাদমেলত তেওঁ সদৰী কৰে যে, "আমি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ নেতাসকলে আজি একত্ৰিত হৈ এক সামূহিক আৰু ঐতিহাসিক সিদ্ধান্ত লৈছো। আমাৰ অঞ্চলৰ বিভিন্ন কণ্ঠৰ একত্ৰিত হৈ আমাৰ জনসাধাৰণৰ আকাংক্ষাক সঁচা অৰ্থত প্ৰতিনিধিত্ব কৰা এক ঐক্যবদ্ধ একক ৰাজনৈতিক সত্তা গঠন কৰিছো।"

তেওঁ লগতে উল্লেখ কৰে যে, "বহু দিনৰ পৰা আমি উত্তৰ-পূৰ্বাঞ্চলৰ নৱপ্ৰজন্মৰ নেতাসকলে আমাৰ জনসাধাৰণৰ একেবোৰ বিষয় আৰু উদ্বেগক লৈ কথা পাতি আহিছো, কিন্তু বিভিন্ন মঞ্চ আৰু ৰাজনৈতিক স্থানৰ পৰা। আমি উপলব্ধি কৰিছো যে আমাৰ শক্তি ঐক্যত নিহিত হৈ আছে, আৰু আমাৰ মানুহক এটা সামূহিক কণ্ঠ দিয়াৰ সময় আহি পৰিছে। আমাৰ ভূমিৰ পৰিচয় আৰু উন্নয়নৰ বাবে নিস্বাৰ্থভাৱে যুঁজ দিয়া মহান নেতাসকলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ পৰা প্ৰেৰণা লৈ আমি উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতৰ বাবে এক ভাগ-বতৰা দৃষ্টিভংগীৰ অধীনত একত্ৰিত হৈ তেওঁলোকৰ আদৰ্শক আগুৱাই নিয়াৰ সংকল্প লৈছো। আজিৰ এই ঘোষণাই এই উমৈহতীয়া মঞ্চ গঢ়ি তোলাৰ দিশত প্ৰথম পদক্ষেপ। এই পদক্ষেপক আগুৱাই নিবলৈ আমি এনে এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছো যিয়ে প্ৰস্তাৱিত ৰাজনৈতিক সত্তাৰ পদ্ধতি আৰু গাঁথনিকে ধৰি ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ ওপৰত আলোচনা কৰিব।"

WhatsApp Image 2025-11-04 at 2.03.17 PM

"আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ পৰিচালিত হৈছে এক সৰল বিশ্বাস যে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক ৰাষ্ট্ৰীয় পৰ্যায়ত এক শক্তিশালী, ঐক্যবদ্ধ, আৰু খিলঞ্জীয়া ৰাজনৈতিক কণ্ঠৰ জৰিয়তে শুনা, সন্মান, প্ৰতিনিধিত্বৰ যোগ্য। আমি একেলগে অধিক শক্তিশালী, অধিক ঐক্যবদ্ধ উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থিয় দিছো।"

আনহাতে এই সংবাদমেলতে প্ৰদ্যুত মাণিক্যই উল্লেখ কৰে যে, "আমি আমাৰ জনসাধাৰণৰ হৈ দৃঢ়তা আৰু সত্যতাৰে কথা ক'ব বিচাৰো।আমাৰ দৃষ্টিভংগী বেলেগ হ'ব পাৰে কিন্তু আমি গৃহযুদ্ধত নাই। আগতেই এটা মঞ্চ সৃষ্টিৰ প্ৰচেষ্টা কৰা হৈছে।আমি ইয়াত কাৰো লগত যুঁজ তুলিবলৈ নহয় কিন্তু আমাৰ অধিকাৰৰ বাবে যুঁজিবলৈহে আহিছো।"

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে উত্তৰ-পূবৰ দল সমূহক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত গঠন হৈছিল নেডাৰ। কিন্তু শেহতীয়াভাৱে নেডাৰ অন্যান্য সহযোগীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বাঢ়ি আহিছিল দূৰত্ব। মণিপুৰৰ পাছতে বিগত বৰ্ষসমূহত মেঘালয়ৰ সৈতেও সম্পৰ্ক বেয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ। যাৰবাবে আন এক পৃথক ৰাজনৈতিক মঞ্চ গঠনৰ পোষকতা কৰিছে উত্তৰ-পূবৰ অন্যান্য ৰাজনৈতিক দল সমূহে। ইফালে আজি বিয়লিৰ ভাগত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক লগ কৰাৰ সম্ভাৱনা আছে।

নেডা ড হিমন্ত বিশ্ব শৰ্মা