পৰ্যটকসকলৰ বাবে সু-খবৰঃ মুকলি হ'ল উত্তৰ ছিকিমৰ লাচেন-গুৰুদোংমাৰ হ্ৰদলৈ যোৱা পথ

সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই উত্তৰ ছিকিম ভ্ৰমণ কৰিব বিচৰা পৰ্যটকসকলৰ বাবে  সু-খবৰ। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা লাচেনলৈ যোৱাৰ পথ অৱশেষত চৰকাৰে পুনৰ মুকলি কৰি দিয়ে পৰ্যটকৰ বাবে।

author-image
Asomiya Pratidin
New Update
new ap web sikkim.jpg

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই উত্তৰ ছিকিম ভ্ৰমণ কৰিব বিচৰা পৰ্যটকসকলৰ বাবে  সু-খবৰ। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা লাচেনলৈ যোৱাৰ পথ অৱশেষত চৰকাৰে পুনৰ মুকলি কৰি দিয়ে পৰ্যটকৰ বাবে। ২০২৫ চনৰ জুন মাহত হোৱা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই গুৰুত্বপূৰ্ণ পথটো বন্ধ হৈ পৰিছিল। বৰ্তমান পৰিস্থিতি স্বাভাৱিক হোৱাত পৰ্যটকসকলৰ বাবে পুনৰ অনুমতি পত্ৰ বা পাৰমিট দিয়াৰ কাম আৰম্ভ কৰা হৈছে।

WhatsApp Image 2026-03-09 at 16.57.33

উল্লেখযোগ্য যে-  ২০২৫ বৰ্ষৰ  জুন মাহত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ বহুতো পথ আৰু দলং ভাঙি গৈছিল । এক অধিক ভয়াৱহ হৈ পৰিছিল সেই ঠাইৰ পৰিস্থিতি। ইপিনে লাচেনৰ দৰে অতি জনপ্ৰিয় পৰ্যটনস্থলী সমূহৰ সৈতে যোগাযোগ একেবাৰে বিচ্ছিন্ন হৈ পৰিছিল। এতিয়া পথটো মুকলি হোৱাৰ লগে লগে পৰ্যটকসকলে পুনৰ লাচেন ভ্ৰমণ কৰিব পাৰিব। লগতে চুংথাংৰ পৰা লাচেন আৰু লাচুং দুয়োটা দিশৰে পথ এতিয়া যাতায়াতৰ বাবে সম্পূৰ্ণ উপযোগী হৈ উঠিছে।

আনফালে,সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাত অৱস্থিত বিশ্ববিখ্যাত গুৰুদোংমাৰ হ্ৰদৰ প্ৰৱেশদ্বাৰ হৈছে এই লাচেন। এই হ্ৰদটো উত্তৰ ছিকিমৰ এটা প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু। য'ত হাজাৰ হাজাৰ পৰ্যটক আহে সেই স্থান ফুৰিবলৈ। এই পথটো মুকলি হোৱাৰ লগে লগে উত্তৰ ছিকিমৰ হোটেল ব্যৱসায়ী, গাড়ী চালক আৰু স্থানীয় লোকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলটোৰ অৰ্থনীতি পুনৰ সুস্থিৰ হৈ উঠিব বুলি আশা কৰিছে।

ছিকিম