/asomiyapratidin/media/media_files/2025/09/03/web-ap-new-format-2024-2-2025-09-03-10-06-53.jpg)
ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে উত্তৰ ভাৰতত। জম্মু-কাশ্মীৰত প্ৰৱল বৃষ্টিপাত আৰু ভূমিস্খলনত অৰ্ধশতাধিক লোক নিহত হোৱাৰ পাছতে এতিয়া পাঞ্জাৱ আৰু দিল্লীত প্ৰকৃতিয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। দিল্লীত নেৰেনেপেৰা বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰইও ইতিমধ্যে আগজাননী দিছে যে, অনাগত দিনকেইটাত জম্মু-কাশ্মীৰ, দিল্লী, পাঞ্জাৱ, হিমাচল প্ৰদেশ, এন চি আৰত বতৰে আৰু অধিক বিধিপথালিৰ সৃষ্টি কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/49f14b07-5996-4e3f-8e00-b0b3842fb430-2025-09-03-10-06-00.jpg)
ৰাজধানী চহৰ দিল্লীত যোৱা সোমবাৰে পুৱাৰে পৰা প্ৰচণ্ড বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। গাজিয়াবাদ, নয়দাৰ দৰে স্থানত কৃত্ৰিম বানৰ বাবে ঘৰৰ পৰা ওলাব পৰা নাই লোক। বতৰলৈ চাই ইতিমধ্যে সমগ্ৰ দিল্লীত ইয়েল্ল এৰ্লাট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/f6916966-4fcb-49fc-a77d-4e8f7a81de44-2025-09-03-10-04-51.jpg)
দিল্লীতকৈ পাঞ্জাৱৰ অৱস্থা অতি শোচনীয়। নেৰেনেপেৰা বৰষুণৰ লগতে কেইবাটাও সৰু বান্ধত পানী ভৰ্তি হৈ ভাগি যোৱাৰ ফলত পাঞ্জাৱত এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰশাসনে সদৰি কৰা মতে, এতিয়ালৈকে ৰাজ্যখনত বানপানীত মৃত্যু হৈছে ৩০ৰো অধিক লোক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/1b6e32ed-8cf7-4c91-aac6-140fad98501c-2025-09-03-10-05-38.jpg)
প্ৰায় ৩.৫লোকক বানপানীয়ে প্ৰভাৱিত কৰিছে বুলি সদৰি কৰিছে পাঞ্জাৱ প্ৰশাসনে। পাঞ্জাৱ চৰকাৰে ২৩খন জিলাক বান বিধ্বস্ত অঞ্চল বুলি ঘোষণা কৰিছে। বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যখনে কেন্দ্ৰৰ পৰা দুৰ্যোগ প্ৰশমন বাবে পাবলৈ থকা ৬০হাজাৰ কোটি মোকলাই দিবলৈ আহ্বান জনাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/f64bc140-2731-4014-8db7-1b42ee632109-2025-09-03-10-03-33.jpg)
পাঞ্জাৱৰ এই পৰিস্থিতিত নাজল-নাথল অৱস্থা হৈছে ৰাজ্যখনত পঢ়ি থকা বহিঃৰাজ্যৰ শিক্ষাৰ্থীসকল। ৰাজ্যখনৰ অগ্ৰণী শিক্ষানুষ্ঠান চিটকাৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সকলৰ মাজত এই বান পৰিস্থিতি হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাতিটোৰ ভিতৰতে বিশ্ববিদ্যালয়ৰ চৌহদৰ লগতে শিক্ষাৰ্থীসকলৰ হোষ্টেলতো পানী সোমোৱাৰ বাবে কৰ্তৃপক্ষই হোষ্টেল এৰিবলৈ দিয়ে। যাৰ ফলত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী ঘৰলৈ যোৱাৰ পৰিৱৰ্তে আশ্ৰয় লৈছে ৰাজধানী চহৰ দিল্লীত। প্ৰনিধানযোগ্য যে, এই বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰি আছে অসমৰো বহুকেইগৰাকী শিক্ষাৰ্থী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/8568a910-abab-41c9-bcdc-9025d42175dc-2025-09-03-10-03-55.jpg)
ইফালে পাঞ্জাৱৰ ২৩ খন জিলাত ১৪০০ গাঁও ক্ষতিগ্ৰস্ত বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় কৃষি বিভাগে। যাৰ ফলত এতিয়ালৈকে ৩,৫৪,৬২৬জন লোকৰ প্ৰভাৱ পৰিছে। বানপীড়িত অঞ্চলৰ পৰা এতিয়ালৈকে প্ৰায় ২০ হাজাৰ লোকক অইন স্থানলৈ স্থানান্তৰ কৰা হৈছে। ১,৪৮,৫৯০ হেক্টৰ শস্যৰ ক্ষতি হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত আছে গুৰদাসপুৰ, মানছা, অমৃতসৰ, কাপুৰথালা, ফিৰোজপুৰ, তৰ্ণ তৰণ আৰু হোছিয়াৰপুৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/b95aa8d6-380a-4efc-b48e-2f6d6bdd4af2-2025-09-03-10-04-24.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us