উত্তৰ-পূবৰ ৭ ৰাজ্যত নেছ’ৰ তীব্ৰ প্ৰতিবাদ...

উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছ’ৰ আহ্বানত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজধানীত জাতীয় সংগঠনে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰৰ দাবীত ধৰ্ণা দিয়ে৷ সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীত, মিজো জিৰলাই প'ল

New Update
ujjj

ডিজিটেল ডেস্কঃউত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছ’ৰ আহ্বানত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজধানীত জাতীয় সংগঠনে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰৰ দাবীত ধৰ্ণা দিয়ে৷ সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীত, মিজো জিৰলাই প'ল আইজলত, সদৌ মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচনে আগৰতলাত, খাচী ছাত্ৰ সন্থাই শ্বিলঙত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰৰ দাবী উত্থাপন কৰি ধৰ্ণা দিয়ে৷

Advertisment

মুঠ সাতখন ৰাজ্যত বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা আৰু জনজাতিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। জাতীয় সংগঠনসমূহৰ নেতাসকলে অনিয়ন্ত্ৰিত অনুপ্ৰৱেশে উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় জনগোষ্ঠীৰ স্বকীয়তা আৰু ভৱিষ্যতে জনজাতিসকলৰ অস্তিত্ব বিলুপ্তি হ’ব বুলি আশংকা ব্যক্ত কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই ধৰ্ণা দিয়ে৷

গুৱাহাটীত প্ৰতিবাদকাৰীসকলে উত্তৰ-পূৰ্বাঞ্চলত এনআৰচি উন্নীতকৰণ কৰি সম্পূৰ্ণকৰণ কৰা, অসম আৰু ত্ৰিপুৰাৰ স্থানীয় জনগোষ্ঠীৰ বাবে সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰা, নাগৰিকত্ব সংশোধনী আইনৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক বাদ দিয়া, অবৈধ বিদেশী চিনাক্ত কৰি খেদাৰ ব্যৱস্থা কৰা, অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ, ভৱিষ্যতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ দাবী জনায়৷

দীঘলীপুখুৰীত নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ উপস্থিতিত দিয়া ধৰ্ণাত গুৱাহাটীৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতিবাদস্থলীৰ পৰা কয় যে অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা আমাৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। আজি নেছ’ৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত একেলগে অবৈধ বাংলাদেশীক খেদাৰ দাবী জনোৱা হৈছে।

চৰকাৰক সতৰ্ক কৰি ভট্টাচাৰ্যই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে স্থানীয় জনজাতিৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ নোলোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাধীনতা দিৱসৰ ভাষণৰ প্ৰসংগ উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে অসম চুক্তিৰ সময়ত উদ্ভৱ হোৱা সমস্যাৰ কথা আকৌ উত্থাপন হ’ব ধৰিছে। অসম আন্দোলনৰ সময়ত উত্থাপন কৰা প্ৰতিটো অভিযোগ সঁচা হৈছে।

৪৬ বছৰ পিছতো অসমৰ স্থানীয় জনসাধাৰণৰ অস্তিত্ব বিপন্ন হৈছে। নেছ’ৰ সভাপতি চেমুৱেল জ্যৰোৱাই শ্বিলঙত কয় যে স্বাধীনতাৰে পৰা অবৈধ অনুপ্ৰৱেশ এক স্থায়ী সমস্যা হৈ আহিছে৷ অসম, মেঘালয় আদি ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি আহিছে। আইজালত এমজেডপিৰ সভাপতি এইচ লালথিয়াংলিমাই চৰকাৰক সতৰ্ক কৰি কয় যে অনিয়ন্ত্ৰিত অনুপ্ৰৱেশে উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ অসমৰ বাবে গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷

চৰকাৰক কঠোৰ সীমান্ত নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। উত্তৰ-পূব ছাত্ৰ সন্থা নেছ’ৰ অন্তৰ্গত ত্ৰিপুৰাৰ তিপ্ৰা ছাত্ৰ সন্থাই অবৈধ বিদেশীৰ বিৰুদ্ধে ধৰ্ণা প্ৰদান কৰে। গৃহ মন্ত্ৰণালক অবৈধ বিদেশীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণৰ দাবী জনায়৷ নিৰ্দেশনা কঠোৰভাৱে প্ৰয়োগ কৰাৰ দাবী তেওঁলোকে জনায়। আগৰতলা চহৰৰ চাৰ্কিট হাউছৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তিপ্ৰা ছাত্ৰ সন্থাৰ উপ-সভাপতি জন দেৱবাৰ্মাই ধৰ্ণাস্থলীৰ পৰা কয় যে ৰাজ্যজুৰি তিপ্ৰা ছাত্ৰ সন্থাই অবৈধ বিদেশীৰ বিৰুদ্ধে ধৰ্ণা প্ৰদান কৰে।

বিদেশী সমস্যা ত্ৰিপুৰা তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন নহয়। আমি ৪০ বছৰৰো অধিক সময় ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছো। গতিকে নেছ’ই অবৈধ বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁলোকক চিনাক্ত কৰি খেদাৰ দাবী জনাইছো। আমি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিম৷ ৰাজ্য চৰকাৰক গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে অন্যান্য ৰাজ্যৰ সৈতে সমন্বয় ৰখাৰো দাবী জনায়।

আমি সকলোৱে জানো যে অসমত বৰ্খাস্তৰ প্ৰক্ৰিয়া চলি আছে আৰু যিসকলক উচ্ছেদ কৰা হ’ব তেওঁলোকে অন্যান্য ৰাজ্যলৈ যোৱাৰ চেষ্টা কৰিব। গতিকে আমি বিচাৰো যে ত্ৰিপুৰালৈ সোমোৱাৰ পৰা তেওঁলোকক বাধা দিবলৈ অন্যান্য ৰাজ্যৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আছু