নৰ্থ ইষ্ট হাস্পতাল আৰু ৰিচাৰ্চ ইনষ্টিটিউতৰ ১৭ তম প্ৰতিষ্ঠা দিৱস পালন

যোৰাবাটস্থিত নৰ্থ ইষ্ট হাস্পতাল আৰু ৰিচাৰ্চ ইনষ্টিটিউতৰ পালন কৰা হল ১৭ তম প্ৰতিষ্ঠা দিৱস। বিগত ১৬টা বছৰে উত্তৰ-পূব ভাৰতত অবিৰতভাৱে কৰ্কট ৰোগৰ চিকিৎসা কৰি অহা এই চিকিৎসালয়খনে অতি উলহে-মালহে বৰ্ষপূৰ্তি অনুষ্ঠানটি পালন কৰে। 

author-image
Asomiya Pratidin
New Update
cxzcxdsds

ডিজিটেল ডেস্কঃ যোৰাবাটস্থিত নৰ্থ ইষ্ট হাস্পতাল আৰু ৰিচাৰ্চ ইনষ্টিটিউতৰ পালন কৰা হল ১৭ তম প্ৰতিষ্ঠা দিৱস। বিগত ১৬টা বছৰে উত্তৰ-পূব ভাৰতত অবিৰতভাৱে কৰ্কট ৰোগৰ চিকিৎসা কৰি অহা এই চিকিৎসালয়খনে অতি উলহে-মালহে বৰ্ষপূৰ্তি অনুষ্ঠানটি পালন কৰে। 

Advertisment

এই উপলক্ষে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ মাজত মিঠাই আৰু ফল-মূল বিতৰণ কৰা হয়। বিশিষ্ট অভিনেতা ব্ৰজেন বৰা, জনপ্ৰিয় গায়ক ৰূপম ভূঞা, অধ্যক্ষ গণেশ তামুলী, সঞ্চালিকা ডা০ জুমি বৰগোঁহাই, অধীক্ষক ডা০ ৰবীন গোঁহাই, উপ অধীক্ষক ডা০ ধীৰেন্দ্ৰ কুমাৰ নাথৰ সৈতে ৰোগীৰ মাজত ফল মূল বিতৰণ কৰে।

WhatsApp Image 2025-08-19 at 3.28.01 PM

ইয়াৰ পিছতে চিকিৎসালয় খনৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাত অধ্যক্ষ গণেশ তামুলীয়ে আদৰণী ভাষণ প্ৰদান কৰি জন্মলগ্নৰে পৰা এতিয়ালৈকে চিকিৎসালয়খনক কিদৰে আগুৱাই নিছে তাৰ এক সৰল বৰ্ণনা দাঙি ধৰে। পৰিচালন সঞ্চালক ডা০ মুনীন্দ্ৰ নাৰায়ন বৰুৱাই চিকিৎসালখনত চলি থকা গৱেষণা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয়, আইআইটি গুৱাহাটী, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ সৈতেও গৱেষণাৰ কাম অব্যাহত আছে। আন এগৰাকী সঞ্চালক ডা০ প্ৰণৱ মল্ল বৰুৱাইও চিকিৎসালখনৰ চিকিৎসা সন্দৰ্ভত বক্তব্য দাঙি ধৰে। 

WhatsApp Image 2025-08-19 at 3.27.58 PM (1)

অনুষ্ঠানত ৰেলৱে বৰ্ডৰ কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদৰ মুনীন শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শইকীয়াই চিকিৎসক আৰু ৰোগীৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ পোষকতা কৰে। তেতিয়াহে অসমত উন্নত মানৰ চিকিৎসা সম্ভৱ বুলি কয় মুখ্য অতিথিগৰাকীয়ে।

ইপালে, অনুষ্ঠানত উপস্থিত থকা মুখ্য চিকিৎসা সঞ্চালক ডা০ বিষ্ণু প্ৰসাদ ডেকাই চমু ভাষণত কয়, "ৰে'লৱেৰ কৰ্কট ৰোগীসকল এই চিকিৎসালয়ত চিকিৎসা কৰি খুবেই সন্তুষ্ট। ভৱিষ্যতে ৰে'লৱে হাস্পতাল আৰু নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ মাজত যোগসূত্ৰ অটুট থাকিব" বুলি কয় ডা০ ডেকাই। ডা০ দেৱাশ্ৰুতি চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানটিত চিকিৎসালয়খনৰ সঞ্চালক ৰাজ চাংকাকতিয়ে শলাগৰ শৰাই আগবঢ়ায়।

কৰ্কট ৰোগ