অস্তিত্বৰ সংকটত উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ স্মৃতি বিজড়িত উত্তৰ বংগৰ ১৮ খন সত্ৰ আৰু নামঘৰ বৰ্তমানে প্ৰয়োজনীয় ভূমি ,আন্তঃগাঁঠনি আৰু আৰ্থিক স্বচ্ছলতাৰ অভাৱত অস্তিত্ব ৰক্ষাৰ হকে অহৰহভাৱে যুঁজ কৰি থাকিব লগীয়া হৈছে

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-28 at 9.44.15 AM

ডিজিটেল সংবাদ, গুৱাহাটী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ স্মৃতি বিজড়িত উত্তৰ বংগৰ ১৮ খন সত্ৰ আৰু নামঘৰ বৰ্তমানে প্ৰয়োজনীয় ভূমি ,আন্তঃগাঁঠনি আৰু আৰ্থিক স্বচ্ছলতাৰ অভাৱত অস্তিত্ব ৰক্ষাৰ হকে অহৰহভাৱে যুঁজ কৰি থাকিব লগীয়া হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সম্পৰ্কত প্ৰকাশ কৰা এটা বিবৃতিযোগে কয় যে,মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মূল সমাধিস্থল কাকত কুটা আৰু মহাপুৰুষ মাধৱদেৱে দেহ ত্যাগ কৰা ভেলা সত্ৰ,আমগুৰি ,হৰিপুৰ সত্ৰকে ধৰি উত্তৰ বংগৰ ১৮ খন সত্ৰ আৰু নামঘৰসমূহে নানা প্ৰতিকূল পৰিস্থিতি আৰু অৱস্থাক প্ৰত্যাহ্বান জনাই গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি আৰু আদৰ্শক সমগ্ৰ উত্তৰ বংগৰ লগতে ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ লৈ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে নিৰবিচ্ছিন্ন আৰু অবিৰতভাৱে নিজ সামৰ্থ্যৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

WhatsApp Image 2025-11-28 at 9.39.35 AM

মধ্য বিত্ত শ্ৰেণীৰ এই সকল ভক্ত প্ৰাণ লোক সকলে নিজৰ ভূমি দান কৰিও গুৰু দুজনাৰ অমূল্য অৱদানক জীয়াই ৰখাৰ লগতে সত্ৰীয়া পৰম্পৰা সমূহো ধৰি ৰাখিছে । উত্তৰ বংগৰ এই সত্ৰ সমূহৰ এটা প্ৰতিনিধি দলে যোৱা ৯ মেত দিশপুৰত অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই সত্ৰ আৰু নামঘৰসমূহে সম্মুখীন হোৱা ভূমি ,গৃহ আৰু আৰ্থিক সংকটৰ অৱগত কৰাৰ লগতে এই সন্দৰ্ভত দৰকাৰ হোৱা সকলো তথ্য পাতি দাখিল কৰিছে।

ইয়াৰ আগতেও যোৱা ২০২৪ চনত অসম সত্ৰ আয়োগৰ অধ্যক্ষ বিধায়ক প্ৰদীপ হাজৰিকা,সদস্য সচিব অশোক কুমাৰ বৰ্মনৰ লগতে শঙ্কৰ দেৱ কলা ক্ষেত্ৰৰ সচিবৰ নেতৃত্বত অসম চৰকাৰৰ এটা উচ্চ পৰ্যায় ৰ প্ৰতিনিধি দলেও এই অঞ্চল সমূহ পৰিদৰ্শন কৰি সত্ৰ আৰু নামঘৰসমূহৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰিছিল ।কিন্তু বৰ্তমানলৈ অসম চৰকাৰে এই সত্ৰ আৰু নামঘৰ সমূহ সমাধান কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত গুৰু দুজনাৰ অমূল্য স্মৃতি সমৃদ্ধ এই স্থান সমূহ বুৰঞ্জীৰ পাতত হেৰাই যোৱাৰ উপক্ৰম হৈছে।

WhatsApp Image 2025-11-28 at 9.39.37 AM

মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী ,সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।বিশেষ কৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল সমাধিস্থল কাকত কুটা আৰু মহাপুৰুষ মাধৱদেৱে দেহ ত্যাগ কৰা ভেলা সত্ৰ সংৰক্ষণ কৰাটো অতি জৰুৰী হৈ পৰিছে।

নামঘৰ