/asomiyapratidin/media/media_files/2026/03/05/235-2026-03-05-16-13-28.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত নীতিশ কুমাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি এন ডি এৰ আন ৪ গৰাকী নেতাই মনোনয়ন পত্ৰ দাখিল কৰে ।
মনোনয়ন পত্ৰ দাখিল কৰা আন নেতাকেইগৰাকী হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা জে ডি ইউ নেতা ৰামনাথ ঠাকুৰ, বিজেপি নেতা শিৱেশ কুমাৰ আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উপেন্দ্ৰ কুশৱাহা । উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পাটনাত উপস্থিত হৈ নীতিশ কুমাৰক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰাৰ লগে লগে স্পষ্ট হৈ পৰিছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ পদ এৰি ৰাজ্যসভালৈ যাব।
এক চমু আলোচনাৰ অন্তত অমিত শ্বাহে নীতিশৰ সৈতে বিহাৰ বিধানসভালৈ যায় য'ত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হয় । তেওঁলোকৰ সৈতে উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীও উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us