চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
মুখ্য-পৃষ্ঠা Bodoland

কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিত ২৯ জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে আজি মনোনয়নপত্ৰ দাখিল কৰিছে। কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিত ২৯ জন প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰে। 

author-image
Tushar Pratim
01 Sep 2025 19:49 IST

Follow Us

New Update
কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিত ২৯ জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে আজি নিজ নিজ মনোনয়নপত্ৰ দাখিল কৰিছে। কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিত সৰ্বমুঠ ২৯ জন প্ৰাৰ্থীয়ে আজি নিজ নিজ মনোনয়নপত্ৰ দাখিল কৰিছে। 

সেই অনুসৰি ইউপিপিএলৰ হেভিৱেইট প্ৰাৰ্থী তথা কোকৰাঝাৰ জিলাৰ ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ লগতে আন তিনিগৰাকী ইউপিপিএলৰ প্ৰাৰ্থীয়ে আজি নিজ নিজ মনোনয়নপত্ৰ সহ-ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰে। ইউপিপিএলৰ বাওখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী, বনৰগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্ম, ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী আফজাল হক সৰকাৰে দলীয় সমৰ্থকক লৈ বিশাল সমদলেৰে নিজ নিজ মনোনয়ন দাখিল কৰে।

ইপিনে আজি ইউপিপিএল দলৰ হৈ জিলাখনত প্ৰথমে ১২ নং ছালাকাটি (জনজাতি সংৰক্ষিত) সমষ্টিৰ পৰা লৰেন্স ইছলাৰীয়ে কোকৰাঝাৰত সহ-ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। লৰেন্স ইছলাৰীয়ে ছালাকাটি ব্লক ইউপিপিএল কাৰ্যালয়ৰ পৰা বিশাল ৰেলী কৰি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত উপস্থিত হয় আৰু তাৰ পৰা বিশাল সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হয়। 

হাজাৰ হাজাৰ সমৰ্থকে লৰেন্স ইছলাৰী জিন্দাবাদ,  ইউপিপিএল জিন্দাবাদ,  প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনি দি কোকৰাঝাৰ সদৰ চহৰৰ আকাশ বতাহ কঁপাই তুলি মনোনয়নপত্ৰ দাখিল কৰে। মনোনয়নপত্ৰ দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত লৰেন্স ইছলাৰীয়ে কয় যে, ছালাকাটি সমষ্টিত এইবাৰ ইউপিপিএল দল জিকি প্ৰমোদ বড়োৰ উন্নয়নৰ ধাৰাত চামিল হ'ব। 

দীৰ্ঘদিনে বিপিএফৰ দখলত থকা ছালাকাটি সমষ্টি এইবাৰ উদ্ধাৰ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ কয়- সমষ্টিবাসী ৰাইজৰ আশীষ শিৰত লৈ বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ উদ্দেশ্যে আজি ১২ নং ছালাকাটি (জনজাতি সংৰক্ষিত) পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰো। মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলীয় কৰ্মকৰ্তা আৰু সন্মানীয় সমষ্টিবাসীয়ে যি অভূতপূৰ্ব সঁহাৰি আগবঢ়ালে তাৰ বাবে আমি কৃতজ্ঞ হৈ থাকিম। 

তেওঁ কয়, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ দূৰদৰ্শী আৰু শক্তিশালী নেতৃত্বত ইউপিপিএল দলৰ নীতি-আদৰ্শক সৰোগত কৰি প্ৰতিটো মুহূৰ্ততে ৰাইজৰ প্ৰগতি, উন্নয়ন আৰু শান্তিৰ হকে কাম কৰি যোৱাটোৱেই আমাৰ একমাত্ৰ লক্ষ্য। বিগত সময়ছোৱাত  প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ বিটিআৰ চৰকাৰৰ প্ৰতি ৰাইজে যি আস্থা প্ৰদৰ্শন কৰিছে তালৈ চাই আমি নিশ্চিত যে এইবাৰো প্ৰমোদ বড়োৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব। 

বিটিআৰৰ সকলো জাতি-জনগোষ্ঠীক সমভাৱে আগুৱাই লৈ যাবলৈ অহৰহ কাম কৰি অহা ইউপিপিএল দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈকে ইতিমধ্যে ৰাইজে সংকল্প গ্ৰহণ কৰিছে। বিটিআৰবাসী ৰাইজৰ এই আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ ছালাকাটি সমষ্টিৰ ৰাইজেও ঐতিহাসিক বিজয় প্ৰদান কৰিব বুলি মন্তব্য কৰিছে লৰেন্স ইছলাৰীয়ে। 

তদুপৰি বিপিএফৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীক সমালোচনা কৰি লৰেন্স ইছলাৰীয়ে কয় যে দীৰ্ঘদিনে সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিল যদিও ছালাকাটি সমষ্টিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এখনো নিৰ্মাণ নকৰিলে। এইবাৰ ছালাকাটিত এখন মডেল কলেজ নিৰ্মান কৰা হ'ব বুলিও মন্তব্য কৰিছে প্ৰাৰ্থীগৰাকীয়ে। আনহাতে তেওঁ বিধায়ক পুঁজিৰে ৰাস্তা-ঘাট নিৰ্মান কৰাৰ লগতে ৰাজ্য-কেন্দ্ৰীয় চৰকাৰ আঁচনিৰ অধীনত ৭ কোটি ব্যায় সাপেক্ষে ছালাকাটি হাইস্কুল আৰু কালিপুখুৰী হাইস্কুল পুণৰনিৰ্মাণ কৰা হ'ব।  

ছালাকাটি সমষ্টিত অসম মালাৰ অধীনতো কেবাটাও পথ নিৰ্মাণৰ কাম হাতত লোৱা বুলি সদৰি কৰিছে বিধায়ক তথা ছালাকাটি সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে। ইপিনে আজি মনোনয়ন দাখিল কৰা ইউপিপিএলৰ আন তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে বাওখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী, বনৰগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্ম, ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী আফজাল হক সৰকাৰেও তেওঁলোকৰ বিজয় নিশ্চিত বুলি দাবী কৰি প্ৰমোদ বড়োৰ নেৰ্তৃত্বতে চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰিছে।

উল্লেখ্য আজি দেৱৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজ মনোনয়ন পত্ৰ দাখিল কৰে বুদ্ধদেৱ মুছাহাৰীয়ে। বুদ্ধদেৱ মুছাহাৰী ইউপিপিএলৰ এগৰাকী নেতা আছিল আৰু যোৱাবাৰ ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি পৰাজয়বৰণ কৰিছিল। 

এইবাৰো তেওঁ ইউপিপিএলৰ টিকট প্ৰত্যাশী আছিল আৰু টিকট লাভ নকৰাত ইউপিপিএল দলৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দেৱৰগাঁও সমষ্টিত নিজ মনোনয়নপত্ৰ দাখিল কৰিছে। আনহাতে সমষ্টিটোত ইউপিপিএল দলে বিটিটিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। 

আনহাতে আজি বাওখুংগ্ৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সুনীল নাৰ্জাৰী, নিৰ্দলীয় মৃদুল কুমাৰ দাসে নিজ মনোনয়ন পত্ৰ দাখিল কৰে। দোতমা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ দৈমু ৰজী গয়াৰীয়ে নিজ মনোনয়ন দাখিল কৰে। 

৯ নং বনৰগাঁও সমষ্টিৰ পৰা ইউপিপিএলৰ ৰবিৰাম ব্ৰহ্ম আৰু কংগ্ৰেছৰ পৰা মতিলাল বসুমতাৰীয়ে নিজ মনোনয়ন পত্ৰ দাখিল কৰিছ। ১ নং পৰ্বতঝোৰা সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰসেন কুমাৰ ব্ৰহ্ম আৰু কংগ্ৰেছৰ সহেন চন্দ্ৰ ব্ৰহ্মই নিজ মনোনয়ন দাখিল কৰিছে। 

গুমা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰিঞ্জয় কুমাৰ ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী, ইউপিপিএলৰ মূৰ্ছিদা বেগম, বিপিএফৰ মহম্মদ আন্তাছ আলি, আম আদমী পাৰ্টীৰ প্ৰদীপ কুমাৰ মুছাহাৰীয়ে নিজ মনোনয়ন দাখিল কৰিছে। শৰাইবিল সমষ্টিত ইউপিপিএলৰ ৰাজু কুমাৰ নাৰ্জাৰী, বিপিএফৰ মৃত্যুঞ্জয় নাৰ্জাৰী, কংগ্ৰেছৰ ৰননঞ্জয় নাৰ্জাৰী আৰু নিৰ্দলীয় হীৰেন শৰণীয়াই নিজ মনোনয়ন দাখিল কৰিছে। 

শ্ৰীৰামপুৰ সমষ্টিত ইউপিপিএলৰ উইলচন হাসদা, বিপিএফৰ মখলেছছুৰ ৰহমান আৰু নিৰ্দলীয় শুকুৰ আলিয়ে নিজ মনোনয়ন দাখিল কৰিছে।যমদুৱাৰ সমষ্টিত ইউপিপিএলৰ সুৰনজিৎ বসুমতাৰী, বিপিএফৰ উইলিয়াম নাৰ্জাৰী আৰু নিৰ্দলীয় পাইনাল ৰাভাই নিজ মনোনয়ন দাখিল কৰিছে। কচুগাঁও সমষ্টিত বিপিএফৰ ৰবিৰাম নাৰ্জাৰী, ইউপিপিএলৰ উকিল মুছাহাৰী, কংগ্ৰেছৰ খৌৰৌম মুছাহাৰীয়ে নিজ মনোনয়ন দাখিল কৰে। 

নিৰ্বাচন বি টি চি কোকৰাঝাৰ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!