/asomiyapratidin/media/media_files/2025/10/05/rerewqewet-2025-10-05-15-13-54.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত দেওবাৰে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জাজৰি ঢলপুৰীয়া যুৱক সংঘ, অনন্ত পুথিভঁৰাল আৰু সামুহিক কেন্দ্ৰত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাই আৰু পুস্পাঞ্জলি অৰ্পণ কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ বৰাই।
সংগঠনটোৰ নগাঁও জিলাৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত কেইবাগৰাকী ব্যক্তিয়ে শিল্পী জুবিন গাৰ্গৰ জীৱন চৰ্চা আলোকপাত কৰে। অনুষ্ঠানতে শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা কৰা হয়। পাছত জাজৰি ঢলপুৰীয়া যুৱক সংঘ, অনন্ত পুথিভঁৰাল আৰু সামুহিক কেন্দ্ৰত নগাঁও জিলা সমিতিৰ কাৰ্যনিবাহৰ সভা অনুষ্ঠিত হয়।
সভাপতি প্ৰভাত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্মিলনীৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ বৰা, নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়া, উপসভাপতি অৰবিন্দ ডেকা, প্ৰধান সম্পাদক জয়ন্ত হাজৰিকা, সহকাৰী সম্পাদক প্ৰদীপ চন্দ্ৰ গায়ন, জাজৰি ঢলপুৰীয়া যুৱক সংঘ, অনন্ত পুথিভঁৰাল আৰু সামুহিক কেন্দ্ৰৰ সভাপতি মনোজ কুমাৰ বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।