/asomiyapratidin/media/media_files/2025/12/19/new-ap-web-9-2-2025-12-19-21-54-31.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ বৰক'লা অঞ্চলত আজি কিছুদিন ধৰি বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে। বৰক'লাৰ পালেংতলি ,জলাহকে ধৰি কেবাখনো গাঁৱৰ লগতে নৈপামৰ সমীপৰ লু - মাটি গাঁৱত শালিধানৰ খেতি পকনি ধৰাৰ সময়ৰ পৰাই বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে।
বৃহস্পতিবাৰে নিশাও পালেংতলিত বনৰীয়া হাতীয়ে দুঘৰ লোকৰ ঘৰ ভঙাৰ লগতে লু-মাটিত এঘৰ লোকৰ ভড়াল ঘৰ ভাঙি তহিলং কৰে। বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে অঞ্চলটোৰ কৃষক ,ৰাইজ আতংকত থাকিব লগা হৈছে।
অঞ্চলটোৰ ৰাইজক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা সুৰক্ষা দিয়াৰ লগতে বনৰীয়া হাতীৰ জাকক সেই অঞ্চলৰ পৰা খেদি পঠাবলৈ বনবিভাগক দাবী জনাইছে স্থানীয় লোকে। বন বিভাগে বনৰীয়া হাতীৰ জাক খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হব পৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us