/asomiyapratidin/media/media_files/2026/01/16/fgfefdsvfngff-2026-01-16-18-59-16.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁওবাসীৰ বাবে এক গৌৰৱময় ক্ষণ। চহৰখনৰ অগ্ৰণী নৃত্য বিদ্যালয় ‘সূত্ৰধাৰ’ৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী এন চি চি কেডেটে আগন্তুক সময়ত কেইবাটাও বিশেষ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। অসম, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ এন চি চি ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও মাহ ধৰি কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰি এক অনন্য নৃত্যালেখ্যৰ বাবে সাজু কৰি তোলা হৈছে। গণৰাজ্য দিৱসৰ পেৰেডত উজলি উঠিব স্বাধীনতা সংগ্ৰামী অসমৰ মহীয়সী নাৰীৰ এই নৃত্যালেক্ষ্য।
জানিব পৰা মতে, এই বিশেষ নৃত্যালেখ্যত ভাৰতীয় স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও মহীয়সী নাৰীৰ জীৱন-গাঁথা শিল্পীসকলৰ নৃত্যৰ জৰিয়তে সজীৱ ৰূপত উপস্থাপন কৰা হ’ব। নৃত্য, সংগীত আৰু অভিনয়ৰ সমন্বয়ৰে প্ৰস্তুত কৰা এই উপস্থাপনাই দেশপ্ৰেম, ত্যাগ আৰু সাহসৰ বাৰ্তা প্ৰচাৰ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে।
ইয়াৰ উপৰিও, এই সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা এক বেম্বো ডেন্স (বাঁহ নৃত্য)ও প্ৰদৰ্শন কৰা হ’ব। উল্লেখযোগ্য যে, এই বেম্বো ডেন্সৰ প্ৰদৰ্শন ইতিমধ্যে নগাঁও জিলা পুথিভঁড়ালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ ব্যাপক প্ৰশংসা লাভ কৰিছে।
নগাঁওস্থিত সূত্ৰধাৰ নৃত্য বিদ্যালয়ৰ প্ৰশিক্ষক গৌৰৱ হাজৰিকাই এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী এন চি চি প্ৰশিক্ষাৰ্থীক লৈ নিজৰ মন্তব্য আগবঢ়াই কয় যে, এই প্ৰশিক্ষণ কেৱল এক সাংস্কৃতিক অনুশীলন নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত দেশপ্ৰেম, শৃংখলা আৰু সাংস্কৃতিক সচেতনতা গঢ়ি তোলাৰ এক প্ৰয়াস চলোৱা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/16/capturefdgrgfdsfdss-2026-01-16-18-59-58.jpg)
তেখেতে লগতে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ এন চি চি কেডেটসকলক একে মঞ্চত একেলগে প্ৰশিক্ষণ প্ৰদান কৰাটো নিজেই এক ঐক্য আৰু সমন্বয়ৰ প্ৰতীক। এই অনুষ্ঠানসমূহৰ জৰিয়তে নগাঁও আৰু অসমে ৰাষ্ট্ৰীয় পৰিসৰত নিজৰ সাংস্কৃতিক প্ৰতিভা আৰু সৃষ্টিশীলতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে সচেতন মহলে।
সামগ্ৰিকভাৱে কোৱা যায় যে, সূত্ৰধাৰ নৃত্য বিদ্যালয়ৰ এই প্ৰয়াসে নগাঁওবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ উঠাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক দেশজুৰি দাঙি ধৰাৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us