/asomiyapratidin/media/media_files/2026/01/12/dstrfsdfdfdfdfdf-2026-01-12-10-10-19.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা জুবিন গাৰ্গলৈ নৃত্যৰ এক বৰ্ণিল যাত্ৰা” শীৰ্ষক বাৰ্ষিক সাংস্কৃতিক নৃত্যানুষ্ঠানে অসমৰ মহান শিল্পীসকলৰ জীৱন আৰু কৰ্মৰাজিক নতুন চিন্তা আৰু সৃজনশীল নৃত্যভাষাৰে নতুন প্ৰজন্মৰ সন্মুখত তুলি ধৰিবলৈ সক্ষম হৈছে নগাঁৱৰ অগ্ৰণী নৃত্য বিদ্যালয় সূত্ৰধাৰে।
নগাঁও জিলা পুথিভঁড়ালৰ প্ৰেক্ষাগৃহত ৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই নৃত্যানুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰে আৰম্ভ কৰি অসমীয়া সমাজ-সংস্কৃতি গঢ় দিয়া মহান ব্যক্তিত্বসকলৰ আদৰ্শ, সৃষ্টিকৰ্ম, ত্যাগ, সমাজ সংস্কাৰমূলক চিন্তা, মানৱতাবাদী দৰ্শন, দেশপ্ৰেম, নৈতিক মূল্যবোধ আৰু আধ্যাত্মিক চেতনাক নৃত্যৰ ভাষাৰে ৰূপায়িত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/capturefefedfedf-2026-01-12-10-10-33.jpg)
গৌৰৱ হাজৰিকা আৰু মূৰ্ছনা মহন্তৰ দক্ষ পৰিচালনাত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানটিয়ে সাংস্কৃতিপ্ৰেমীৰ ব্যাপক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, গণশিল্পী খগেন মহন্ত, অসমৰ বুলবুলী দীপালী বৰঠাকুৰ, “সুগন্ধি পখিলা”ৰ কবি হীৰেন ভট্টাচাৰ্য আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/capturegfgrfgfdfsds-2026-01-12-10-11-04.jpg)
চতুৰ্থ দিনা এই সাংস্কৃতিক নৃত্যানুষ্ঠান সফল সামৰণি পৰে। অনুষ্ঠানৰ অন্তিম পৰ্বত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বিশিষ্ট নাট্যকাৰ দীপক শৰ্মাই সূত্ৰধাৰ নৃত্য বিদ্যালয়ৰ বৰ্ষ শ্ৰেষ্ঠ ছাত্ৰ বঁটা প্ৰদান কৰে প্ৰতিভাৱান শিক্ষাৰ্থী দেবাংশু বৰাক।
এই অনুষ্ঠানত বক্তব্য ৰাখি বিধায়ক ৰূপক শৰ্মাই কয় যে, অসমবাসীৰ হৃদয়ত জুবিন গাৰ্গ আজিও এক অবিৰাম প্ৰবাহ। সূত্ৰধাৰ নৃত্য বিদ্যালয়ৰ এই বিশেষ শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে জুবিন গাৰ্গক সদায়েই আমাৰ মাজত সজীৱ কৰি ৰাখিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us