নগাঁৱৰ দম্পতীৰ অংগদানৰ প্ৰতিশ্রুতি, বিধায়কৰ সম্বর্ধনা

নগাঁৱৰ নিবাসীৰ গৌতম চন্দ্ৰ সাহা (৬৪) আৰু পত্নী সোমা সাহা (৫৬)য়ে মৃত্যুৰ পিছত নিজৰ সকলো অংগ আৰু সিৰ দান কৰাৰ এক আদৰ্শ সিদ্ধান্ত লৈ সমাজত সৃষ্টি কৰিছে এক অনন্য দৃষ্টান্ত।

author-image
Asomiya Pratidin
New Update
zds

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ নিবাসীৰ গৌতম চন্দ্ৰ সাহা (৬৪) আৰু পত্নী সোমা সাহা (৫৬)য়ে মৃত্যুৰ পিছত নিজৰ সকলো অংগ আৰু সিৰ দান কৰাৰ এক আদৰ্শ সিদ্ধান্ত লৈ সমাজত সৃষ্টি কৰিছে এক অনন্য দৃষ্টান্ত। ৰাষ্ট্ৰীয় অংগ আৰু সিৰ সংৰোপণ সংস্থা (NOTTO)ৰ জৰিয়তে আনুষ্ঠানিকভাৱে দাখিল কৰা এই প্ৰতিশ্রুতিক দেশব্যাপী অংগদান আন্দোলনৰ ক্ষেত্ৰত এক অনন্য পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

Advertisment

শেহতীয়াকৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এন জি অ’ টাচ অৱ হিউমেনিটিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই সাহা দম্পতীক এই মহৎ সিদ্ধান্তৰ বাবে বিশেষ সম্বর্ধনা জনায়। পাইকাৰী ঔষধ বিক্ৰেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী গৌতম চন্দ্ৰ সাহা আৰু তেওঁৰ পত্নী সোমা সাহা এগৰাকী নিষ্ঠাবান গৃহিণী, তেওঁলোকৰ যকৃত, হৃদযন্ত্র, বৃক্ক, হাওঁফাওঁ, হাড়, ছাল আৰু কর্ণিয়াকে ধৰি সকলো জীৱনমুখী অংগ দান কৰাৰ কথা জানিবলৈ দিছে।

উল্লেখযোগ্য যে, ভাৰতত অংগদাতাৰ সংখ্যা অতি কম। খবৰ অনুসৰি, দেশখনত প্ৰতিনিযুত জনসংখ্যাত অংগদাতাৰ সংখ্যা মাথো ০.৫ জন, যিটো পশ্চিমীয়া উন্নত দেশসমূহৰ প্ৰতিনিযুত ৩০ জনৰো অধিক দাতাৰ হাৰৰ তুলনাত একেবাৰে নগণ্য। অথচ, এজন মৃত দাতাই অংগদানৰ জৰিয়তে আঠজনলৈকে জীৱন ৰক্ষা কৰিব পাৰে আৰু সিৰ দানৰ জৰিয়তে বহু লোকৰ জীৱনৰ মানো উন্নত কৰিব পাৰে।

গৌতম আৰু সোমা সাহাৰ এই মহান প্ৰতিশ্রুতিয়ে এই অভিযানক অধিক শক্তিশালী কৰি তুলিছে। তেওঁলোকৰ এই উদাৰ সিদ্ধান্ত, সমাজত দায়বদ্ধতা আৰু মানৱতাৰ মহান বোধ প্ৰতিফলিত কৰি জনসাধাৰণকো এই মহৎ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

নগাঁও