/asomiyapratidin/media/media_files/2025/10/05/whatsapp-imag-2025-10-05-21-14-38.jpeg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰা হয়। কেন্দ্ৰীয়ভাৱে ৰাইডঙীয়া ক’ৰচুং ছহিদ স্মৃতি আঞ্চলিক খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সদ্য প্ৰয়াত অতি মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ “ৰাজহুৱা শ্ৰদ্ধাঞ্জলি“ অনুষ্ঠানটিত অঞ্চলৰ সকলো দল-সংগঠন, চৰকাৰী -বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, আত্ম-সহায়ক গ্ৰাম্য সংগঠনৰ সকলো মহিলাকে আদি কৰি সকলো ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা সমিতিৰ সমূহ সদস্য-সদস্যাৰ উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/05/whatsapp-image-202-2025-10-05-21-12-10.jpeg)
মাংগলিক কাৰ্য্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত এহেজাৰ বন্তি প্ৰজ্বলন কৰা হয়। ৰাইজে শিল্পী গৰাকীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলটোৰ জেষ্ঠ্যৰ পৰা কনিষ্ঠলৈ সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰি অশ্ৰুসিক্ত নয়নেৰে শিল্পী গৰাকীক স্মৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/05/whats-2025-10-05-21-13-03.jpeg)
অনুষ্ঠানটিৰ শেষত উপস্থিত সকলোৱে সমস্বৰে "মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি" শীৰ্ষক সেই বিশেষ গীতটো গাই আকাশ বতাহ মুখৰিত কৰি তোলে। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে প্ৰয়াত প্ৰাণৰ শিল্পী জনাক সামুহিক শ্ৰদ্ধা নিবেদন কৰাত এক মনোমোহা পৰিবেশৰ সূচনা হয়৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us