/asomiyapratidin/media/media_files/2026/02/25/ujjjddd-2026-02-25-20-44-06.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ মাজমজিয়াত স্থাপন হ'ব নাইট লাইফ । নগাঁওবাসীৰ আয়ুস ৰেখা কলঙৰ পাৰ পুণৰ জীপাল হ'ব নাইট লাইফৰ সুবাসেৰে বৃটিছৰ স্মৃতি বহন কৰা পুণৰি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ আৱাস গৃহক নতুনকৈ নিৰ্মাণ কৰিব হেৰিটেজ ভৱনলৈ।
নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ পাৰৰ এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত তথা ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰৰ নিলগত বৃটিছৰ আমোলত স্থাপন কৰা হৈছিল অসম আৰ্হিৰ বহুকেইটা কোঠা সংলগ্ন জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী এটি আবাস গৃহ। আহল-বহল আন্তঃগাঠনি আৰু অতি সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত নিৰ্মিত এই আবাস গৃহটো বহু বছৰ ধৰি ব্যৱহাৰ নোহোৱাত বৰ্তমান সময়ছোৱাত গৃহটো পৰিতক্ত হৈ পৰিছিল।
প্ৰায় ৪ কঠাতকৈও অধিক ভূমিৰে আগুৰা এই চৰকাৰী আৱাসগৃহটোৰ এক ঐতিহাসিক গুৰুত্ব আছে। এই ঐতিহ্যমণ্ডিত সম্পদটোক সঠিক মেৰামতিৰে সংৰক্ষণ কৰি চহৰখনৰ এক গৌৰৱোজ্জ্বল কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পদক্ষেপ গ্ৰহণ কৰে। বুধবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু সহকাৰী জিলা আয়ুক্ত তেজস অগ্নিহোত্ৰী সৈতে উক্ত চৰকাৰী আবাস গৃহটি পৰিদৰ্শন কৰে।
পৰিদৰ্শন কালত আয়ুক্ত মহোদয়ে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী আবাস গৃহটিৰ চাৰিওদিশ পৰ্যবেক্ষণ কৰি কি দৰে এই ঐতিহ্যমণ্ডিত গৃহটোৰ পুনৰনিৰ্মাণৰ কাম কৰি ইয়াক সংৰক্ষণ কৰাৰ লগতে গৃহটোৰ চাৰিওকাষৰ ব্যৱহাৰযোগ্য কৰিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us