/asomiyapratidin/media/media_files/2026/01/19/sxdssdsdsd-2026-01-19-12-54-06.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ অসমীয়া জাতীয় জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ভোগৰ উৎসৱ ভোগালী বিহুটিত ঐতিহ্যময় জাতীয় পৰম্পৰা সজীৱ কৰি ৰখাৰ প্ৰয়াসেৰে নগাঁও নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩ তম সদৌ নগাঁও ভোগালী বিহুৰ দেওবাৰে নিশা সফল সামৰণি পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/jk-2026-01-19-12-56-32.jpg)
নিশা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মঞ্চ মুকলি কৰা একাংকিকা নাটক প্ৰতিযোগিতাত অসমৰ কেইবাখনো জিলাৰ ৯ টা নাট্য গোষ্ঠীয়ে অংশগ্ৰহণ কৰে। জ্যোতি শিল্প নগাঁৱৰ নিবেদন আৰু নৱ বৰাৰ নাটক স্বাতীৰ মাক আৰু হাৱাই চেণ্ডেলে শ্ৰেষ্ঠ নাট্যদলৰ খিতাপ অৰ্জন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/jhhu-2026-01-19-12-57-09.jpg)
ইফালে, বোকাখাটৰ বিয়াল তপশ্ৰী নাটক খন দ্বিতীয় আৰু মালিগাঁৱৰ উইল নাটক খনে তৃতীয় স্থান লাভ কৰে। শ্ৰেষ্ঠ নাট্যকাৰ নৱজ্যোতি বৰা, শ্ৰেষ্ঠ পৰিচালক অসীম কুমাৰ নাথ, শ্ৰেষ্ঠ অভিনেতা ভাৰ্গৱ জ্যোতি কলিতাই আৰু শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা শিল্পীকা গোস্বামীয়ে লাভ কৰে। লগতে শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰে নেত্ৰ কমল বৰাই। এই প্ৰতিযোগিতাৰ বিচাৰকৰ আসন দখল কৰে ৰাজেন ফুকন আৰু মৌচুমী কাকতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us