নগাঁৱৰ নেহেৰুবালিত 'মানুহে মানুহৰ বাবে' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

নগাঁৱৰ নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩ তম্ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ আজি পঞ্চম দিন।

author-image
Asomiya Pratidin
New Update
zssdssssss

ডিজিটেল সংবাদ, নগাওঁঃ অসমীয়া জাতীয় জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ভোগৰ উৎসৱ ভোগালী বিহুটিত ঐতিহ্যময় জাতীয় পৰম্পৰা সজীৱ কৰি ৰখাৰ প্ৰয়াসেৰে নগাঁৱৰ নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩ তম্ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ আজি পঞ্চম দিন।

পঞ্চম দিনা পুৱা ৰূপকোঁৱৰ চ'কৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদানেৰে আৰম্ভ কৰা পাছতে নেহেৰুবালি ভোগালী বিহুৰ বাকৰিত অনুষ্ঠিত হয় মহিলা সকলৰ মাজত পিঠা পনা আৰু থলুৱা খাদ্যৰ প্ৰতিযোগিতা। দিনৰ ভাগত দুটা শাখাত অনুষ্ঠিত হয় সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা গীতৰ প্ৰতিযোগিতা আৰু জ্যোতি সংগীত প্ৰতিযোগিতা।

ইফালে, নিশা ড° ভূপেন হাজৰিকাৰ গীতৰ আধাৰত অনুষ্ঠিত হয় মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ। লোহিত গগৈ, নয়ন অসম কলিয়াবৰীয়া আৰু ৰিমলী শৰ্মা বৰাৰ গীতৰ অনুষ্ঠানৰ লগতে গৌৰৱ হাজৰিকাৰ পৰিচালনাত সূত্ৰধাৰৰ শিল্পী সকলৰ নৃত্য অনুষ্ঠানে উপস্থিত ৰাইজক সজীৱ কৰি তোলে।

নগাঁও