নগাঁৱত নেন' ফাৰ্টিলাইজাৰ প্ৰয়োগৰ বাবে ড্ৰোণ প্ৰযুক্তিৰ প্ৰদৰ্শনী

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত মঙলবাৰে নেন' ফাৰ্টিলাইজাৰ ড্ৰোণৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ এটি প্ৰদৰ্শনী অনুষ্ঠিত হয়। ড্ৰোণৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ প্ৰদৰ্শনীৰ পূৰ্বে অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ  শৰ্মাই।

author-image
Asomiya Pratidin
New Update
vcvcvcxcx

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পূৰ্বৰ দৰে কৃষকে বস্তাই বস্তাই কিনিব নালাগে, এতিয়া উপলব্ধ হৈছে সাৰৰ ক্ষুদ্ৰতম সংস্কৰণ "নেন ফাৰ্টিলাইজাৰ"(Nano Fertilisers)। এই নেন ফাৰ্টিলাইজাৰৰ সূক্ষ্ম কণা, উচ্চ শোষণক্ষমতা, নিয়ন্ত্রিত পুষ্টি সৰবৰাহ, কম পৰিমাণৰ ব্যবহাৰ, পৰিবেশ অনুকুল, উন্নত মানদণ্ডৰ, পৰিবহনৰ সুবিধা আদি বিভিন্ন বিষয়ৰ সুবিধাৰ বাবে নেন ফাৰ্টিলাইজাৰ সুবিধাজনক হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে। 

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত মঙলবাৰে এই নেন ফাৰ্টিলাইজাৰৰ ড্ৰোণৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ এটি প্ৰদৰ্শনী অনুষ্ঠিত হয়। ড্ৰোণৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ প্ৰদৰ্শনীৰ পূৰ্বে অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি নগাঁও জিলা আয়ুক্ত দেৱাশীষ  শৰ্মাই "নেন ফাৰ্টিলাইজাৰ, ড্ৰোণৰ ব্যৱহাৰ আদি আধুনিক তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত কৃষকৰ সময়, অৰ্থৰ সদব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰে। ৰাসায়নিক সাৰ ব্যবহাৰ কৰি পঞ্জাৱকে আদি কৰি বিভিন্ন ঠাইত জনসাধাৰণৰ দুৰাৰোগ্য ৰোগ আদি বৃদ্ধি পাইছে, লগতে মাটিৰ গুণাগুণ নষ্ট হৈছে। তাৰ বিপৰীতে নেন ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি কৃষকৰ স্বাস্থ্য আৰু মাটিৰ স্বাস্থ্য ৰক্ষা কৰি নতুন প্ৰজন্মৰ বাবে ধৰিত্ৰী ৰক্ষা কৰিব লাগে" বুলি মন্তব্য কৰে।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণ প্ৰদান কৰি "আমাৰ দেশত ৰাসায়নিক সাৰ প্ৰস্তুত কৰোতে কেঁচা সামগ্ৰী বিদেশৰ পৰা আমদানি কৰিব লাগে। যাৰ পৰিপ্ৰেক্ষিতত কোটি কোটি টকা ব্যয় হয়। তাৰ বিপৰীতে নেন ফাৰ্টিলাইজাৰত এই অৰ্থ ৰাহি হব। ইয়াৰোপৰি প্ৰয়োগৰ সুবিধা, পৰিবেশত সাৰৰ কু প্ৰভাৱ ৰক্ষা আৰু কৃষকৰ খৰছ কমাবলৈ নেন ফাৰ্টিলাইজাৰ গুৰুত্বপূৰ্ণ বুলি মন্তব্য প্ৰকাশ কৰে।

আনহাতে, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই আঁত ধৰা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁই, নগাঁও জিলাৰ সহকাৰী আয়ুক্ত তেজস্ব অগ্নিহোত্ৰী, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞ জুলি শৰ্মা, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, সামূহীক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলাম, পাম পৰিচালক শংকু মনি শৰ্মা, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে, আঁচনি সহায়ক বিষ্ণু নাৰায়ণ ফুকনকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৰ্মচাৰীসকল, ইফকোৰ ক্ষেত্ৰ বিষয়া পাৰ্থ শইকীয়া, ড্ৰোণ উদ্যোগী অনিশ আহমেদ, প্ৰগতিশীল কৃষক, উদ্যমীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

কৃষি বিজ্ঞান কৃষি