ধনৰ লোভত দালাল চক্ৰক কিডনী বিক্রী কৰিছে একাংশ লোকে

এক ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে নগাঁৱৰ হুজ গাঁৱৰ একাংশ লোকে ৷ মাত্ৰ কেইটামান টকাৰ লোভত দালাল চক্ৰৰ কৱলত পৰি ইজনৰ পাছত সিজন লোকে বিক্ৰী কৰিছে নিজৰ কিডনী ৷

author-image
Asomiya Pratidin
New Update
AP WEB kidney

ডিজিটেল সংবাদ, নগাঁওঃ এক ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে নগাঁৱৰ হুজ গাঁৱৰ একাংশ লোকে ৷ মাত্ৰ কেইটামান টকাৰ লোভত দালাল চক্ৰৰ কৱলত পৰি ইজনৰ পাছত সিজন লোকে বিক্ৰী কৰিছে নিজৰ কিডনী ৷

উল্লেখযোগ্য যে, ২০২১ বৰ্ষতে হুজ কৈৱৰ্ত্ত গাঁৱৰ ছয় সাত জন মান লোকে মনে মনে বিক্ৰী কৰিছিল নিজৰ কিডনী ৷ তাৰ পাছত গাঁও খনৰ একাংশ সচেতন নোকৰ হস্তক্ষেপত বিষয়টো কিছু তল পৰিছিল যদিও সময় বাগৰাৰ লগে লগে কিডনী বিক্ৰীত বাধা দিয়া সকল সন্মুখিন হ’ল বিভিন্ন হাৰাশাস্তিৰ।

ইয়াৰ পাছতে গাঁও খনত পুনৰ আৰম্ভ হ’ল এই প্ৰক্ৰিয়া। মঙ্গলবাৰে এই সন্দৰ্ভত গাঁও খনৰ তিনিজন লোকক নগাঁও আৰক্ষীয়ে আটক কৰাৰ পাছত পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। জানিব পৰা মতে বৰ্তমান গাঁও খনৰ অধিকাংশ লোকেই বিক্ৰী কৰিছে নিজৰ কিডনী ৷

একমাত্ৰ বিলাসী জীৱন কটোৱাৰ সপোন দেখিয়েই গাঁও খনৰ একাংশ লোকে দালালৰ কৱলত পৰি কিডনী বিক্ৰী কৰা বুলি জানিব পৰা গৈছে ৷ শেহতীয়াকৈ গাঁওখনৰ গাঁও প্ৰধানৰ লগতে একাংশ সচেতন মহিলাই গাঁও খনৰ লোক সকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়। লগতে প্ৰশাসনকো এনে কাৰ্যত বাধা প্ৰদান কৰাৰ সমান্তৰালভাৱে এই কাৰ্যত জড়িত সকলক উচিত শাস্তি প্ৰদানৰো দাবী জনাইছে ৷

নগাঁও আৰক্ষী নগাঁও