জুবিন গাৰ্গৰ স্মৃতিত খাগৰিজান মহাবিদ্যালয়ত নাহৰ পুলি ৰোপণ

নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত শনিবাৰে অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত কেইবাটিও নাহৰ গছৰ পুলি ৰোপণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
sdfsadsdsd

ডিজিটেল  সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত শনিবাৰে অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত কেইবাটিও নাহৰ গছৰ পুলি ৰোপণ কৰা হয়।

WhatsApp Image 2025-09-27 at 9.14.12 PM

উল্লেখ্য যে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত শিল্পী গৰাকীয়ে নাহৰ গছৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ লগতে নাহৰ ৰোপণৰ বাবে আহ্বান জনাইছিল। সেয়ে শিল্পী গৰাকীৰ আহ্বানলৈ শ্ৰদ্ধা জনাই মহাবিদ্যালয়খনত নাহৰৰ পুলি ৰোপণ কৰা হয়।

WhatsApp Image 2025-09-27 at 9.13.54 PM

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথৰ লগতে প্ৰকৃতিপ্ৰেমী গিৰীশ বৰুৱাই মহাবিদ্যালয়ৰ চৌহদত নাহৰ গছৰ পুলি ৰোপণ কৰে। গছপুলি ৰোপণ থলীতে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে শিল্পী জুবিন গাৰ্গৰ জীৱন-শিল্প সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে শিল্পী গৰাকীৰ গীত পৰিবেশনেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জুবিন গাৰ্গ জুবিন