নগাঁৱত বলেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী সদৌ অসম কাৰাটে প্ৰতিযোগিতা আৰু প্ৰশিক্ষণ শিবিৰ

শনিবাৰে নগাঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ বলেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী সদৌ অসম JKA আমন্ত্ৰণমূলক কাৰাটে প্ৰতিযোগিতা আৰু প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
sadsczxxc

ডিজিটেল সংবাদ, নগাওঁঃ শনিবাৰে নগাঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ বলেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী সদৌ অসম JKA আমন্ত্ৰণমূলক কাৰাটে প্ৰতিযোগিতা আৰু প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰা হয়।

Capturefsffsd

উক্ত প্ৰশিক্ষণ শিবিত জাপানৰ মহিলা প্ৰশিক্ষক হাৰিয়ামা চিয়ান আৰু কলিকতাৰ সোমনাথ পাল উপস্থিত থাকে। প্ৰতিযোগিত খনিৰ সমান্তৰালকৈ প্ৰশিক্ষণ শিবিৰত প্ৰায় ডেৰ শতাধিক কিশোৰ কিশোৰীয়ে অংশ গ্ৰহণ কৰে।

Capturegdfgef

এই অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে নগাঁও পৌৰ সভাৰ উপ-পৌৰপতি সীমান্ত বৰাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ ক্ৰীড়া সংগঠক উপস্থিত থাকে।

নগাঁও