/asomiyapratidin/media/media_files/2025/10/27/dsdsdsds-2025-10-27-11-51-53.jpg)
ডিজিটেল সংবাদ, ৰহাঃ সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ নগাঁও জিলা সমিতি গঠন হোৱাৰ লগতে সাধাৰণ সভা সম্পন্ন হয়। নগাঁও জিলাৰ মহমৰীয়া প্ৰাথমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম কৈৱৰ্ত যুৱ সন্মিলনৰ নৱ গঠিত নগাঁও জিলাৰ সমিতিৰ সাধাৰণ সভাত সভাপতিত্ব কৰে ডা° লক্ষীধৰ দাসে। লগতে এই সভাত উপস্থিত থাকে সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত দাস, ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মনিকা দাসৰ লগতে সংগঠনটোৰ কেইবাগৰাকীও নেতা কৰ্মী।
সমাজসেৱক ৰেৱ কান্ত দাসে আঁঁতধৰা উক্ত সভাত সকলোৰে উপস্থিতিত গঠন কৰা হয় এক পুৰ্ণাংগ নগাঁও জিলা সমিতি। ৰাজেন চন্দ্ৰ দাসক সভাপতি আৰু হেমন্ত হজৰিকাক সম্পাদকৰ দ্বায়িত্ব প্ৰদানেৰে গঠন কৰা হয় ৩১ জনীয়া এই এখন পূৰ্ণাংগ সমিতিখন। নগাঁও জিলা সমিতি গঠন কৰি উক্ত সাধাৰণ সভাৰ পৰাই কৈৱৰ্ত সকলক স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবী উত্থাপন কৰে কেন্দ্ৰীয় সভাপতি জয়ন্ত দাসে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us