/asomiyapratidin/media/media_files/2025/11/04/fvgsgdhsjas-2025-11-04-15-40-44.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল কোচ ৰাজবংশী জনগোষ্ঠী। নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীয়ে সংবাদমেল সম্বোধন কৰি সদৰী কৰে যে, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে ২০২৬ নিৰ্বাচনত বিজেপিক দিয়া হব উচিত প্ৰত্যুত্তৰ।
সংগঠনটোৱে লগতে উল্লেখ কৰে যে, কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও প্ৰতাৰণা কৰিছে কোচ ৰাজবংশী জনগোষ্ঠীক। বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু বৰ্তমান সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। যাৰবাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীয়ে।
বটদ্ৰৱাত অনুষ্ঠিত এই সংবাদমেলত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে জনগোষ্ঠীটোৰ জিলা সমিতিয়ে। কোচ ৰাজবংশী সন্মিলনীৰ সংবাদমেলত নগাঁও জিলা সভাপতি প্ৰভাত বৰা, উপসভাপতি তুৱাৰাম বৰুৱা, সম্পাদক জয়ন্ত হাজৰিকা, সাংগঠনিক সম্পাদক অমূল্য চন্দ্ৰ বৰা, বটদ্ৰৱা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক অমৃত বৰুৱা উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us