নগাঁও জিলাক ধঁপাত মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যঃ জিলা আয়ুক্তৰ নিৰ্দেশনা জাৰি

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ধঁপাত মুক্ত যুৱ অভিযান (টি. এফ. ৱাই. চি) ৩.০ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 3 (24)

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ধঁপাত মুক্ত যুৱ অভিযান (টি. এফ. ৱাই. চি) ৩.০ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই ধঁপাত মুক্ত যুৱ অভিযানৰ মুখ্য উদ্দেশ্য হৈছে-সমাজৰ প্ৰতিগৰাকী ধঁপাত সেৱনকাৰী মাজৰ পৰা ধঁপাত সেৱন প্ৰতিহত কৰা, ধঁপাত ত্যাগ কৰিব বিচৰা লোকসকলক সমৰ্থন অথবা সহায় কৰা আৰু সকলো শিক্ষানুষ্ঠানত স্বাস্থ্য আৰু সুস্থতাৰ সংস্কৃতি প্ৰচাৰ কৰা। 

উল্লেখযোগ্য যে, ধঁপাত নিয়ন্ত্ৰণৰ প্ৰতি থকা দায়বদ্ধতা আৰু ধঁপাতমুক্ত প্ৰজন্মৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে (MoHFW) য়ে ২০২৩ চনৰ পৰা ধঁপাতমুক্ত যুৱ অভিযান (TFYC) শীৰ্ষক  বাৰ্ষিক ৰাষ্ট্ৰীয় পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে । 

জিলা আয়ুক্তই আনুষ্ঠানিকভাৱে ধঁপাত মুক্ত যুৱ অভিযান (টি.এফ. ৱাই. চি) ৩.০ শুভাৰম্ভ কৰি ইয়াক সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰি কয় যে,  জিলাখনৰ প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে মাজত ধঁপাত সেৱনৰ ভয়াৱহ সমস্যাৰ ওপৰত সকলোকে একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানতেই অসমৰ ভিতৰত সৰ্বপ্ৰথম ধঁপাত মুক্ত, পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত এটি সুস্থ পৰিৱেশৰ জিলা হিচাপে নগাঁও জিলাখনক গঢ়ি তোলাৰ উদ্দেশ্যেৰে জিলা আয়ুক্ত গৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি কোনো বিপনীত বা বিক্রেতাই ধঁপাত জাতীয় কোনোধৰণৰ সামগ্ৰী বিক্ৰী কৰা দৃষ্টিগোচৰ হ'লে তেনে বিপনীত আন কোনোধৰণৰ সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হব আৰু বিপনী সমূহ নিৰ্দেশনা ভংগ কৰাৰ বাবে তাৎক্ষণিক ভাৱে বন্ধ কৰি দিয়াৰ উপৰিও আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

জিলাখনত সকলো বিপনী, বিক্রেতা আৰু প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলক জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৱলী সমূহ মানি চলিবলৈ নির্দেশ প্ৰদান কৰা হৈছে। এই কাৰ্যসমূহ নিয়মিতভাৱে পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ জৰিয়তে সক্ৰিয়ভাৱে পৰীক্ষণৰ ব্যৱস্থা কৰা হব।

এই নিৰ্দেশনাৱলী সমগ্র জিলাখনতে প্ৰযোজ্য হোৱাকৈ বলবৎ কৰা হৈছে। জিলা প্ৰশাসনে এই নিৰ্দেশনাৱলী প্ৰযোজ্য কৰাত জিলাবাসী ৰাইজ, ব্যৱসায়ী আৰু দল-সংগঠনৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰাৰ লগতে স্থানীয় আৰক্ষী বিভাগ আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক এই নিৰ্দেশনাৱলী কঠোৰভাৱে প্ৰয়োগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

নগাওঁ