সদৌ অসম ভিত্তিত আয়োজিত শ্বহীদ অনিল বৰা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা সম্পন্ন

নগাঁও বিশ্ববিদ্যালয়ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘পৰম্পৰাগত আৰু লোকজ্ঞান চৰ্চাই নৱ প্ৰজন্মক অধিক সমৃদ্ধ কৰিব’ শীৰ্ষক আন্তঃ বিশ্ববিদ্যালয়/মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি পুৱা ৯.৩০বজাত শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে উদ্বোধন হয়।

author-image
Asomiya Pratidin
New Update
fdfdfdfdfdf

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও বিশ্ববিদ্যালয়ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘পৰম্পৰাগত আৰু লোকজ্ঞান চৰ্চাই নৱ প্ৰজন্মক অধিক সমৃদ্ধ কৰিব’ শীৰ্ষক আন্তঃ বিশ্ববিদ্যালয়/মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি পুৱা ৯.৩০বজাত শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে উদ্বোধন হয়। এই অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে শ্বহীদ অনিল বৰাৰ ভাতৃ অপূৰ্ব বৰা।

নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ ডীন ড০ লক্ষ্য বৰঠাকুৰে আঁত ধৰা তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। বিচাৰক হিচাপে অংশগ্ৰহণ কৰে এসময়ৰ অসমৰ বিশিষ্ট তাৰ্কিক ক্ৰমে- দিগন্ত বিশ্ব শৰ্মা, বেদান্ত শৰ্মা আৰু চন্দ্ৰজিৎ শইকীয়া। বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই প্ৰতিযোগীসকলক উদ্দেশ্যি তৰ্ক প্ৰতিযোগীতাৰ কৌশল সম্পৰ্কে অৱগত কৰে। লগতে তৰ্ক প্ৰতিযোগিতা পাঠ পঢ়া নহয় সমান্তৰালভাৱে তৰ্ক প্ৰতিযোগিতা স্মৃতি শক্তিৰ পৰীক্ষাও নহয় বুলি কৈ তৰ্ক প্ৰতিযোগিতাৰ বিভিন্ন কৌশল সম্পৰ্কে পুংখানুপংখভাৱে উল্লেখ কৰে।

এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ ২৫টা দল আৰু ৪জন প্ৰতিযোগীয়ে এককভাৱে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত এককভাৱে প্ৰথম স্থান লাভ কৰে- বি বৰুৱা মহাবিদ্যালয়ৰ অংকিতা ছেত্ৰীয়ে, এই বঁটাত আছিল নগদ ধন দহ হাজাৰ টকা, এটি স্মাৰক, ট্ৰফী আৰু মানপত্ৰ, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক বঁটা লাভ কৰে বিৰিঞ্চি কুমাৰ বৰুৱাৰ মহাবিদ্যালয়ৰ জ্যোতিকা কলিতাই, এই বঁটাত লাভ কৰে নগদ আঠ হাজাৰ টকা, মান পত্ৰ, স্মাৰক আৰু ট্ৰফী; তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে জে. বি আইন মহাবিদ্যালয়ৰ আগষ্ঠ্য কাশ্যপে। এই বঁটাত লাভ কৰে নগদ ৬ হাজাৰ টকা, মান পত্ৰ, এটি স্মাৰক আৰু ট্ৰফী। দলীয় শাখাত শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে কটন মহাবিদ্যালয়ে। এই বঁটাত লাভ কৰে নগদ ২৫হাজাৰ টকা, মানপত্ৰ, স্মাৰক আৰু ট্ৰফী। দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ে। এই বঁটাত লাভ কৰে নগদ ২০হাজাৰ টকা, মান পত্ৰ, স্মাৰক আৰু ট্ৰফী।

ছহিদ অনিল বৰা