/asomiyapratidin/media/media_files/2025/08/28/xzzxz-2025-08-28-18-36-13.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৃহস্পতিবাৰে স্পীড বোটেৰে মৰিকলং বিলৰ অঞ্চল আৰু কলং নৈৰ নেহৰুবালিৰ পৰা ১০ কিলোমিটাৰ পূব-পশ্চিম বিস্তীৰ্ণ অঞ্চল পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ মূল উদ্দেশ্য আছিল কলং নৈৰ দুয়ো পাৰৰ অবৈধ বেদখল মুক্ত কৰা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/capturefff-2025-08-28-18-36-44.jpg)
এই পৰিদৰ্শনৰ সময়চোৱাত জিলা আয়ুক্ত গৰাকীয়ে নগাঁও চহৰৰ মাজেৰে চিৰ প্ৰবাহিত কলং নৈৰ স্তব্ধতাৰ কাৰণসমূহো সুক্ষ্মভাবে পৰ্যবেক্ষণ কৰে। পৰিদৰ্শনৰ অন্তত কলং নৈৰ দুয়ো পাৰত অবৈধভাৱে নিৰ্মিত বাসগৃহৰ গৰাকী সমূহক নিজ নিজ ঘৰৰ অপৰিস্কাৰ পানীসমূহ কলংলৈ প্ৰবাহিত কৰা কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। লগতে, এই নিৰ্দেশনা অৱমাননা কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰে জিলা আয়ুক্ত গৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/capture-2025-08-28-18-36-32.jpg)
ইফালে, ইফালে, নগাঁও জিলা প্ৰশাসনে কলং নৈ আৰু মৰিকলং বিলৰ দুয়ো পাৰত বেদখল কৰি গৃহ নিৰ্মাণ কৰা গৰাকীসকলক স্বইচ্ছাৰে বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছে। লগতে শান্তিপূৰ্ণভাৱে বেদখলমুক্ত কৰাত ৰাইজৰ সহযোগিতাও কামনা কৰিছে প্ৰশাসনে। এই পৰিদৰ্শনৰ সময়ছোৱাত আয়ুক্তৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত শৌভিক ভূঞা আৰু সদৰ ৰাজহ চক্ৰ বিষয়া ঋষিকেশ বৰুৱা উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us