৮ বছৰে নাপালে ন্যায়ঃ নগাঁও আদালতত অব্যাহত অভি-নীল হত্যাকাণ্ডৰ শুনানি

ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ৮ বছৰ উকলিবৰ হ’ল যদিও আজিও ন্যায়ৰ অপেক্ষাত দুয়োটা পৰিয়াল।

author-image
Asomiya Pratidin
New Update
fvdgeed

ডিজিটেল সংবাদ, নগাওঁঃ ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ আঠ বছৰ উকলিবৰ হ’ল যদিও আজিও ন্যায়ৰ অপেক্ষাত দুয়োটা পৰিয়াল। বৰ্তমান নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতত অব্যাহত আছে বহুচৰ্চিত এই গোচৰটোৰ অন্তিম শুনানি।

ৰায়দান প্ৰক্ৰিয়া পৰিসমাপ্তিৰ দিশে আগবাঢ়ি থকাৰ সময়তে বৃহস্পতিবাৰে আদালতত পদকীয়া পক্ষৰ অধিবক্তা মানস শৰণীয়াই ঘটনাটো হত্যাকাণ্ড নহয় বুলি উপস্থাপন কৰি কিছু যুক্তি আগবঢ়ায়। তেওঁলোকে ঘটনাটোৰ প্ৰকৃতি সম্পৰ্কে সন্দেহ প্ৰকাশ কৰি আদালতৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰে।

ইফালে, এই যুক্তিক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰিছে গোচৰীয়া পক্ষৰ অধিবক্তা জিয়াউৰ কামাৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, চাক্ষুস সাক্ষীৰ সাক্ষ্যদান আৰু অন্যান্য তথ্য-প্ৰমাণ স্পষ্টকৈ হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰতিপন্ন কৰে বুলি উল্লেখ কৰি তেওঁ পদকীয়া পক্ষৰ উপস্থাপনাক “তৰল যুক্তি” বুলি আখ্যা দিয়ে। উপযুক্ত প্ৰমাণ থকাৰ পিছতো এনে যুক্তি আগবঢ়োৱাত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।

আনহাতে, আদালতো এই যুক্তিত তৎক্ষণাৎ পতিয়ন নগৈ গোচৰৰ সকলো দিশ পৰ্যালোচনা কৰি দৃষ্টান্তমূলক ৰায়দান দিব বুলি আশা ব্যক্ত কৰিছে অভি-নীলৰ পৰিয়ালে। আঠ বছৰ ধৰি ন্যায়ৰ বাবে সংগ্ৰাম কৰি অহা পৰিয়াল দুটাই এতিয়া গোচৰৰ শীঘ্ৰ পৰিসমাপ্তি আৰু অভিযুক্তসকলৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।

অভি-নীল হত্যাকাণ্ড