/asomiyapratidin/media/media_files/2026/01/16/jbsusa-2026-01-16-16-53-43.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ ভোগৰ উৎসৱ ভোগালী বিহুত ঐতিহ্যময় জাতীয় পৰম্পৰা সজীৱ কৰি ৰখাৰ লক্ষ্যৰে নগাঁও নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩তম সদৌ নগাঁও ভোগালী বিহু উৎসৱে আজি চতুৰ্থ দিনত প্ৰৱেশ কৰে।
এই উপলক্ষে পুৱাৰ পৰা নেহেৰুবালি ভোগালী বিহু উৎসৱৰ মঞ্চত গোলোক চন্দ্ৰ দাস আৰু পল্লৱ বৰাৰ সোঁৱৰণত স্ব-নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ক আৰু খ—দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত বহু সংখ্যক নৱ প্ৰজন্মৰ কবিয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/16/capture-fdvsdfds-2026-01-16-16-54-14.jpg)
উৎসৱৰ চতুৰ্থ দিনৰ এই সাহিত্যিক কাৰ্যসূচীয়ে ভোগালী বিহু উৎসৱত এক বিশেষ গাম্ভীৰ্য আৰু বৌদ্ধিক উজ্জ্বলতা সংযোজন কৰে বুলি উপস্থিত দৰ্শক আৰু সাহিত্যপ্ৰেমীসকলে মত প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us