নগাঁৱৰ কৰৈয়ণিত মঞ্চস্থ গুৰুজনাৰ কেলি গোপাল নাট

নগাঁৱৰ সমীপৰ কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বৰনামঘৰত শনিবাৰে নিশা অনুষ্ঠিত হয় ৰাস মহোৎসৱ।

author-image
Asomiya Pratidin
New Update
dfdgrfgdfdf

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ সমীপৰ কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বৰনামঘৰত শনিবাৰে নিশা অনুষ্ঠিত হয় ৰাস মহোৎসৱ। এদিনীয়া কাৰ্যসূচীৰে কৰৈয়ণি হেঙুলী চুক গাঁৱৰ ৰাইজ আৰু যুৱক-যুৱতী সকলৰ ব্যৱস্থাপনাত আয়োজিত ৰাস মহোৎসৱত ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ আৰু নাম প্ৰসংগ অনুষ্ঠিত  হয়। ইয়াৰ পাছতেই সন্ধ্যা বৰনামঘৰৰ সন্মুখত অসম বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে মুকলি কৰে গাঁৱৰে জ্যেষ্ঠ পুতুল বৰায়ে।

Capturepop0p

ইয়াৰ পাছত কেইবাশতাধিক ৰাইজে মৰমৰ শিল্পী জনৰ মায়াবিনী ৰাতিৰ বুকুত গীতটো পৰিবেশন কৰে। অঞ্চলৰ বিখ্যাত বায়ন সঞ্জীৱ বৰাৰ নেতৃত্বত আগবঢ়াই নিয়া গায়ন-বায়নত অংশগ্ৰহণ কৰি কেইবাও শিশুয়ে খোল তাল বজাই প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা পিছতে লোকে লোকাৰণ্য হৈ থকা বৰনামঘৰত নিশা ১.৩০ মিনিটলৈ শৃংখলা বজাই কেলিগোপাল নাট খনি মঞ্চস্থ কৰে গাঁও খনৰ যুৱকবৃন্দয়ে।

নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ। বিধায়ক শৰ্মাৰ লগতে সমাজ কৰ্মী সুৰেশ বৰা, নগাঁও জিলা পৰিষদৰ সভানেত্ৰী দিপালী হাজৰিকা আৰু পলাশনী - তেলিয়াপহুকটা পঞ্চায়তৰ সভাপতি বিদ্যুৎ বৰাই বৰনামঘৰত উপস্থিত হৈ ৰাইজৰ আশীষ নিৰ্মালী গ্ৰহণ কৰে। স্থানীয় যুৱক বৃন্দ আৰু ১০ গৰাকী নিমন্ত্ৰিত যুৱকে গোপীৰ সুন্দৰ নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজৰ প্ৰসংশা বুটলিবলৈ সক্ষম হয়।

Captureooooooooooo

ভাস্কৰৰ পৰিচালনাৰে অনুষ্ঠিত ৰাস মহোৎসৱে সকলোকে আপ্লুত কৰে। উক্ত ৰাস ভাগত শ্ৰী কৃষ্ণৰ সুন্দৰ নৃত্য, ময়ুৰৰ লয়লাস, ৰাধাৰ নৃত্য আৰু শঙ্খচূড়ৰ অভিনয়ে সকলোকে মোহিত কৰিলে উপস্থিত প্ৰতিজন দৰ্শকক। উল্লেখ্য যে, উক্ত ৰাস ভাগত শংকৰ জ্যোতি শ‌ইকীয়াই কৃষ্ণৰ ভাওত, ৰাহুল কলিতা ৰাধাৰ ভাওত, মৃণাল বৰাই মোহিনী ভাওত, নিবিৰ বৰাই পুতনা ভাওত আৰু শংখচুড়ৰ ভাওত দেৱাশীষ কোচ ৰাজবংশীয়ে   অভিনয় কৰিছিল।

ৰাস পূৰ্ণিমা ৰাস