/asomiyapratidin/media/media_files/2026/02/12/fwedfwdewdew-2026-02-12-17-06-29.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁৱৰ বঢ়মপুৰ আৰু পুৰণিগুদামৰ গ্ৰামাঞ্চলত এতিয়া দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ। বঢ়মপুৰৰ গোমোঠা গাঁও,ভেৰভেৰী,পোটনীকে আদি কৰি পুৰণিগুদামৰো বিভিন্ন অঞ্চলত অসমীয়া চহা কৃষকৰ গোহালি উদং হৈছে।
/asomiyapratidin/media/post_attachments/f73c60ce-7ee.png)
শেহতীয়াকৈ যোৱা নিশাও বঢ়মপুৰৰ সমীপবৰ্তী পোটনীত গৰু চোৰে দুটাকৈ গো ধন চোৰ কৰি লৈ যায়। পুৱতি নিশা প্ৰায় ৪বজাত বিলাসী বাহনেৰে দুটাকৈ গো ধন চুৰি কৰি লৈ যোৱা দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত। পাছত স্থানীয় ৰাইজে হুলস্থূলৰ সৃষ্টি কৰোতেই পলায় যায় গৰু চোৰৰ দলটো।
উল্লেখ্য যে, বিগত এমাহত বঢ়মপুৰ আৰু পুৰণিগুদামৰ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা প্ৰায় দুশৰো অধিক গো ধন চুৰি হৈছে। প্ৰত্যেক দিনাই গৰু চোৰে চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও আজিকোপতি আৰক্ষীয়ে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us