/asomiyapratidin/media/media_files/2025/10/05/ftrfyoiosdaws-2025-10-05-21-50-22.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ দেওবাৰে সমগ্ৰ অসমত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে। নগাঁও চহৰৰ মাজমজিয়াতো যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও বিশ্ববিদ্যালয়ৰ সন্মুখত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয়।
সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা মাংগলিক কাৰ্যক্ৰমত উপস্থিত থাকে নগাঁও জিলাৰ আয়ুক্ত দেবাৰ্শীষ শৰ্মাকে প্ৰমুখ্য কৰি নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ, নগাঁও পৌৰসভাৰ সভাপতি অম্বিকা মজুমদাৰ আৰু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, সাংগঠনিক সম্পাদক দিপমনি বড়াৰ লগতে শিখ সমাজ, মাৰোৱাৰী সমাজ,বাঙালী সন্মিলনীৰ নেতৃবৃন্দ।
জিলা খনৰ অন্তৰ্গত ১২খন আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত শিল্পী জনাৰ বিভিন্ন প্ৰতিচ্ছবিৰে পথৰ দুয়োকাষ সুশোভিত কৰা হয়। অনুষ্ঠানৰ মাজতে পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে কয় যে- শিল্পী জনাৰ কায়িক মৃত্যু কোনো এজন অসমীয়াই আজিকোপতি স্বীকাৰ কৰিব পৰা নাই। তেওঁ ন্যায় নোপোৱালৈকে আমি সকলো অসমীয়াই একত্ৰিত ভাবে যুঁজ দিব লাগিব। এই ক্ষেত্ৰত আমি সকলো প্ৰতিনিয়ত সজাগ হৈ থাকিব লাগিব। শ্ৰদ্ধাৰ্ঘ্য আৰু আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান ভাগিত সৰ্বস্তৰৰ ৰাইজৰ সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে সংগঠনটোৰ নেতৃবৰ্গই।