/asomiyapratidin/media/media_files/2026/02/23/fdfdfdfdfdfdfd-2026-02-23-16-54-53.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰটো পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চলি থকা এই গুৰুত্বপূৰ্ণ গোচৰত আজি গোচৰীয়া পক্ষৰ হৈ বিশিষ্ট অধিবক্তা বিজন মহাজনে যুক্তি উপস্থাপন কৰে।
গোচৰটো ৰায়দানৰ ক্ষেত্ৰত পলম হোৱা বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিজন মহাজনে কয় যে, “মধ্যম পন্থা লোৱাটো ভাল,” আৰু আদালতৰ প্ৰক্ৰিয়া অনুসৰি আগবাঢ়ি যোৱাটো উচিত বুলি মন্তব্য কৰে। তেওঁ লগতে শীঘ্ৰেই ৰায়দানৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙত সংঘটিত এই নৃশংস ঘটনাত মুঠ ৪৫ জন অভিযুক্তৰ ভিতৰত ১২ জন আছিল চাক্ষুস সাক্ষী। ইয়াৰে পাঁচজনে সত্য স্বীকাৰ কৰাৰ বিপৰীতে আন সাতজনে সত্য অস্বীকাৰ কৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তোলে। ফলত আদালতে ক্ৰছ-একজামিনেশ্যনৰ নিৰ্দেশ প্ৰদান কৰিছিল।
ইফালে, দীৰ্ঘ শুনানি প্ৰক্ৰিয়াৰ অন্তত আদালতে দুয়োপক্ষৰ যুক্তি-তৰ্কৰ শুনানিৰ দিন ধাৰ্য কৰিছিল। অৱশ্যে গোচৰীয়া পক্ষৰ প্ৰতিৰক্ষাৰ আবেদনৰ ভিত্তিত পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীলৈ নিৰ্ধাৰণ কৰা হৈছে।
আনহাতে,আজি অনুষ্ঠিত শুনানিত প্ৰয়াত অভিজিৎ নাথৰ পিতৃ অজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাস উপস্থিত থাকে। লগতে অভি-নীল স্মৃতিৰক্ষা সমিতিৰ একাংশ সদস্যও আদালতত উপস্থিত থাকি শুনানি প্ৰক্ৰিয়া অনুসৰণ কৰে। গোচৰটোৰ চূড়ান্ত ৰায়দানক লৈ সমগ্ৰ ৰাজ্যজুৰি কৌতূহল অব্যাহত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us