/asomiyapratidin/media/media_files/2025/11/20/ujjjdd-2025-11-20-11-14-23.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ অসমৰ ভাষা-সংস্কৃতি,অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰতি বিদেশী সমস্যাই ভৱিষ্যতে ভয়াবহ সংকট নমাই অনাৰ প্ৰৱল আশংকাই ইতিমধ্যেই সকলোকে চিন্তিত কৰি তুলিছে। এনে সময়তে শোণিতপুৰ জিলাৰ একেখন গাঁৱৰে ৫ জন লোকক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ অর্ন্তগত তথা জামুগুৰিহাট আৰক্ষী থানাৰ অধীনস্থ ধোৱাকটা গাঁৱৰে পাঁচজনকৈ লোকক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষিত ঘোষণা কৰিছে। এইক্ষেত্ৰত শোণিতপুৰৰ জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে যোৱা ১৮ নবেম্বৰত পৃথকে পৃথকে দিয়া এম ইউ -২১/১৬/২০২৫- এম এ জি-এছ অ' এন-১০০৫, ১০০৬, ১০০৭, ১০০৮ আৰু ১০০৯ নং নির্দেশনাযোগে জাৰি কৰা এক নির্দেশতে বিদেশী বুলি ঘোষণা কৰা এই তথ্য উন্মোচিত হৈছে।
এইক্ষেত্ৰত জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে জাৰি কৰা নিৰ্দেশনা অনুসৰি শোণিতপুৰ জিলাৰ বিদেশী ন্যায়াধিকৰণ নং দুই য়ে বিদেশী গোচৰ নম্বৰ ক্রমে এফ টি--২-(ডি) ৫,৬, ৭, ৮ আৰু ৯ - ২০২৫ নং গোচৰ মর্মে পৃথকে পৃথকে বিদেশী বুলি চিনাক্ত কৰা লোককেইজন হৈছে ক্ৰমে ফাতেমা/স্বামী মহম্মদ আমজাদ আলি,মনোৱাৰা /স্বামী মহম্মদ হাচমত আলি,হানুফা/মহম্মদ আলিজুল হক, মৰিয়ম নেচা/স্বামী মহম্মদ আমজাদ আলি আৰু আমজাদ আলি/স্বামী মহম্মদ মাতবৰ আলি।
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ সীমান্ত আৰক্ষী অধীক্ষকে ২০০৬ চনৰ ২০ মার্চত তৰা টি জেড পি (বি)/২০০৬/ ৭১১ নং এক গোচৰমর্মে যোৱা ২৪ অক্টোবৰত বিদেশী ন্যায়াধিকৰণ (২) য়ে এই লোক সকলক বিদেশী ঘোষণা কৰি ৰায় প্রদান কৰে। এই সন্দৰ্ভত জিলা আয়ুক্তৰ নির্দেশনাত কোৱা হৈছে যে- ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত এই লোকসকলৰ অসম তথা ভাৰতত উপস্থিতি স্থানীয় ৰাইজৰ স্বার্থ আৰু দেশ তথা ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশৰ পৰা অত্যন্ত ক্ষতিকাৰক।
সেয়েহে ইমিগ্রেন্ট এক্সপাল্চন ফ্রম আচাম ১৯৫০ আইনৰ ২ নং ধাৰা আৰু -২০ মার্চ ১৯৫০ৰ জাননী অনুসৰি এই নির্দেশ পোৱাৰ ২৪ ঘন্টাৰ ভিতৰত ঘোষিত বিদেশী-পাচগৰাকীক ধুবুৰী, শ্রীভূমি, দক্ষিণ শালমৰা, অথবা মানকাচাৰ পথেৰে
অসম তথা ভাৰতৰ সীমাৰ পৰা ওলাই যাবলৈ এই নির্দেশনা যোগে জিলা আয়ুক্তই নিৰ্দেশ দিছে।
ইয়াৰ অন্যথাই উল্লিখিত আইন অনুসৰি দেশৰ সীমাৰ পৰা আইনগতভাবে ঘোষিত বিদেশীসকলক বাহিৰ কৰি দিবলৈ প্রশাসন বাধ্য হ'ব বুলিও নির্দেশটোত কোৱা হৈছে। আচৰিত কথা এয়ে যে জামুগুৰিহাট আৰক্ষী থানাৰ অন্তৰ্গত ধোবাকটা গাওঁ আৰু ইয়াৰ চৌপাশ খিলঞ্জীয়া লোকৰে পৰিপূর্ণ এলেকা। এনে প্ৰেক্ষাপটত এই এলেকাত অবৈধ বিদেশীৰ কেনেকৈ প্ৰৱেশ সম্ভৱ হল সেয়া অতি বিচাৰ্যকৰ বিষয়। অসমখন যে অবৈধ বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হৈছে সেইকথাও এই নিৰ্দেশাৱলীয়ে প্ৰকট কৰি তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us