২০২৫ বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰাপকৰ নাম ঘোষণা...

উদ্ভাবনী শক্তি আৰু গঠনমূলক বিঘটনেৰে কিদৰে অর্থনীতিৰ বিকাশ সম্ভৱ সেই বিষয়ে লাভ কৰা সফলতাৰ বাবে এই ৩ গৰাকী অধ্যাপকক এইবাৰৰ অৰ্থনীতিৰ ন'বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি ঘোষণা হ'ল এই বৰ্ষৰ অন্তিমটো ন'বেল বঁটা। আমেৰিকাৰ নৰ্থ বেষ্টার্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুবেল মকয়েব, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইকোনমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্রাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাব হয়িটলৈ ২০২৫ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে।

ৰয়েল ছুইডিচ একাডেমীয়ে আজি ষ্টকহমত প্রকাশ কৰা অনুসৰি, উদ্ভাবনী শক্তি আৰু গঠনমূলক বিঘটনেৰে কিদৰে অর্থনীতিৰ বিকাশ সম্ভৱ সেই বিষয়ে লাভ কৰা সফলতাৰ বাবে এই ৩ গৰাকী অধ্যাপকক এইবাৰৰ অৰ্থনীতিৰ ন'বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে।

ন'বেল কমিটীয়ে প্রকাশ কৰা অনুসৰি, অধ্যাপক জুবেল মকয়েৰে প্রযুক্তিগত উন্নতিৰ মাজেৰে বহনক্ষম বিকাশৰ আৱশ্যকতা সম্পর্কত যি অভিনৱ সূত্র আগবঢ়াইছে তাৰ বাবেই তেওঁক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।

আনহাতে, ফিলিপ এঘিয়ন আৰু পিটাৰ হয়িতে উদ্ভাবনী শক্তি আৰু গঠনমূলক বিঘটনেৰে অর্থনৈতিক বৃদ্ধি লাভৰ ক্ষেত্ৰত আগবঢ়োৱা তত্বৰ স্বীকৃতিস্বরূপে তেওঁলোক দুগৰাকীকো ন'বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে অর্থনীতিৰ ন'বেল বঁটাই হৈছে যিকোনো এটা বছৰৰ অন্তিমটো ন'বেল বঁটা।

ন'বেল বঁটা