/asomiyapratidin/media/media_files/2025/10/10/ujjjddd-2025-10-10-19-05-37.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ আশাত চেঁচাপানী পৰিল। শান্তিৰ নোবেল বটাঁক লৈ আমেৰিকাই চলোৱা কেম্পেইন বুমেৰাঙত পৰিণত হ'ল। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড টাম্পে ২০২৫বৰ্ষৰ শান্তিৰ নোবেল বটাৰ দৌৰত থকা বুলি সকলোতে চৰ্চা হৈছিল। আমেৰিকাই একপ্ৰকাৰৰ কেম্পেইন আৰম্ভ কৰিছিল যে, এইবাৰ নোবেল বটাঁৰ বাবে যোগ্য মানুহজন হৈছে ট্ৰাম্প।
আমেৰিকাৰ এই জল্পনা-কল্পনাৰ যতি পৰিল। ট্ৰাম্পে নাপালে শান্তিৰ নোবেল। ইয়াৰ পাছতে এতিয়া তীব্ৰ ক্ষোভ উজাৰিছে আমেৰিকাই। আমেৰিকাই অভিযোগ কৰিছে যে, শান্তিৰ নোবেল বটাঁত এইবাৰ শান্তিতকৈ বেছি ৰাজনীতিক প্ৰধান্য দিয়া হৈছে।
ট্ৰাম্পে শান্তি নোবেল পুৰস্কাৰৰ বাবে বাচনিক নুঠাক লৈ আমেৰিকাৰ হোৱাইট হাউচৰ জনসংযোগৰক্ষী বিষয়া ষ্টীভন ছুইনে কয় যে, নোবেল সমিতিয়ে ডনাল্ড ট্ৰাম্পে বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে যি পদক্ষেপ লৈছিল তাক অগ্ৰাহ্য কৰিলে। যুদ্ধবিৰতিৰ পৰা আদি কৰি ভিন্ন দিশত শান্তি প্ৰতিষ্ঠাৰ বাবে ট্ৰাম্পৰ মহান প্ৰয়াসক ভেঙুচালি কৰিলে নোবেল সমিতিয়ে।‘
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, শান্তি নোবেল বটাঁৰ বাবে ২০২৫ বৰ্ষত ট্ৰাম্প নামলৈ সমৰ্থন আগবঢ়াইছিল বহুকেইখন দেশে। ট্ৰাম্পৰ নাম প্ৰস্তাৱ দিছিল ইজৰাইল, ৰাছিয়া, পাকিস্তান, থাইলেণ্ড, ওমেনিয়া আৰু কম্বোডিয়াৰ দৰে দেশে। কিন্তু অৱশেষত এই সকলোৰে আশাত চেঁচাপানী পৰিল। ট্ৰাম্পৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ অভিযন্তা মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ নোবেল বটাঁ আগবঢ়োৱা হয়।