/asomiyapratidin/media/media_files/2025/10/09/1-2025-10-09-18-57-51.jpg)
ডিজিটেল ডেস্কঃ ৯ অক্টোবৰত ঘোষণা হ'ল ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা। ন’বেল কমিটীয়ে হাংগেৰীৰ সাহিত্যিক লাজল’ ক্রাছনাঅৰকাইক এই বৰ্ষৰ সাহিত্যৰ ন’বেল সন্মান প্ৰদান কৰিছে। দেশৰ অশান্তিকৰ পৰিৱেশ তথা বিপৰ্যয়ৰ ভয়ৰ মাজতো শিল্পৰ শক্তিক পুনৰ দৃঢ় কৰি ৰখা বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে।
ৰয়েল ছুইডিছ একাডেমীয়ে ন’বেলৰ বাবে বাচনি কৰা লাজল' ৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত Satantango আৰু The Melancholy of Resistance অন্তর্ভুক্ত। তেওঁৰ আন উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত ‘Északról hegy, Délről tó, Nyugatról utak, Keletről folyó’ আৰু ‘Seiobo járt odalent’ উপন্যাস উল্লেখযোগ্য।
Satantango তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। এই উপন্যাসখনে হাংগেৰীৰ সাহিত্য জগতত আলোড়নৰ সৃষ্টি কৰিছিল। ১৯৫৪ চনত ৰোমানিয়াৰ সীমান্তৰ ওচৰৰ দক্ষিণ-পূব হাংগেৰীৰ গ্যুলা নামৰ সৰু চহৰখনত জন্মগ্ৰহণ কৰা ক্রাছনাঅৰকাই সমসাময়িক সাহিত্যৰ অন্যতম সক্ৰিয় কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছে।