ধুবুৰীৰ আলগাৰ উপ-স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসাৰ ব্যৱস্থা, আজিলৈকে খোলা নহ'ল তলা..

ধুবুৰীত লাখ লাখ টকা ব্যয় কৰি বনোৱা চিকিৎসালয় পৰিণত হৈছে ভূত বাংলাত। ২০২৪ চনত সম্পূৰ্ণ হোৱা এখন উপ স্বাস্থ্যকেন্দ্ৰৰ আজিলৈকে খোলা নহ'ল তলা।

author-image
Asomiya Pratidin
New Update
sdsdsdsd

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীতলাখ লাখ টকা ব্যয় কৰি বনোৱা চিকিৎসালয় পৰিণত হৈছে ভূত বাংলা লৈ। ২০২৪ চনত সম্পূৰ্ণ হোৱা এখন উপ স্বাস্থ্যকেন্দ্ৰৰ আজিলৈকে খোলা নহ'ল তলা। আনকি নাম ফলক ভুলকৈ লিখি দ্বায়িত্ব সামৰিলে বিভাগে।

Capturewerer

ধুবুৰী জিলাৰ নাতিনেৰ আলগাত এবছৰ পূৰ্বে সম্পূৰ্ণ হয় নেশ্যনেল হেল্থ মিছনৰ অন্তৰ্গত এখন উপ স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্য। কিন্তু এই উপ স্বাস্থ্যকেন্দ্ৰত বৰ্তমানে নাই কোনো চিকিৎসাৰ ব্যৱস্থা। উপ স্বাস্থ্যকেন্দ্ৰটোত আজিলৈকে নাই এজনো চিকিৎসক, নাই নাৰ্ছ, নাই ঔষধ, নাই প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা।

স্থানীয় দুখীয়া ৰাইজে চিকিৎসাৰ বাবে নদী পথেৰে যন্ত্ৰচালিত নাৱেৰে আহি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰাওঁ‌তে অশেষ কষ্টৰ সম্মুখীন হ'ব লগা হৈছে। তদুপৰি অঞ্চলটোৰ গৰ্ভৱতী মহিলাকো ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ আনোতে ৰোগীৰ পৰিয়ালৰ লোকে যমৰ যাতনা ভূগিব লগা হয়। কিয়নো তৎকালীন চিকিৎসাৰ বাবে অঞ্চলটোত নাই এখন নৌ এম্বুলেন্স সেৱাৰ ব্যৱস্থা।

Capturefdfdfdfdw

অঞ্চলটোৰ প্ৰায় ৫-৬ হেজাৰ জনতাই চিকিৎসা সেৱাৰ ক্ষেত্ৰত জীয়াতু ভোগাৰ লগতে চৰকাৰী প্ৰাথমিক চিকিৎসা ব্যৱস্থাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে, চৰ অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে নৌ এম্বুলেন্স সেৱাৰ ব্যৱস্থা আছে যদিও সেই নৌ এম্বুলেন্স সেৱাৰ পৰাও চৰাঞ্চলৰ ৰাইজ বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।

Capturefdfdfdfdf

উল্লেখযোগ্য যে, ধুবুৰীৰ নেতাই ধুবুনী ঘাটত মামৰে আৰু জংঘলে ধৰি ৰাখিছে নৌ এম্বুলেন্স সমূহক। এইক্ষেত্ৰত ধুবুৰীৰ দুৰ্গম চৰাঞ্চলৰ ৰাইজক চিকিৎসা সেৱা প্ৰদানৰ বাবে সংশ্লিষ্ট বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াই এতিয়া লক্ষণীয় হৈ পৰিছে। আনহাতে, ধুবুৰী জিলাৰ নাতিনেৰ আলগা অঞ্চলৰ ৰাইজে অতি শীঘ্ৰে নাতিনেৰ আলগাত এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা  উপ স্বাস্থ্য কেন্দ্ৰ টোৰ শীঘ্ৰে মুকলি কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে।

ধুবুৰী